ষ্টাফ ৰিপ’ৰ্টাৰ:
“ভাৰতবৰ্ষক নিষ্ঠাৰে, অহিংসা নীতিৰে সৈতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিব লাগিব” লগতে “প্ৰত্যেককে সমান অধিকাৰ প্ৰদানৰ স্বাৰ্থত চৰকাৰে সদায় অগ্ৰণী ভূমিকা পালন কৰি যাব” বুলি কেইবাটাও গুৰুত্বপূৰ্ণ কথাৰে আজি অনুষ্ঠিত এখন সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। সন্ত্ৰাসবাদমুক্ত আৰু শান্তিপূৰ্ণ অসমৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি আস্থা তথা বিশ্বাস প্ৰকাশ কৰি আৰু হিংসাৰ পথ পৰিহাৰ কৰি আজি গুৱাহাটীত অস্ত্ৰ সম্বৰণ কৰা আলফা (স্বা), পি ডি চি কে, ডি এন এল এ আৰু ইউ পি আৰ এফৰ মুঠ ৬৩ গৰাকী সদস্যক মূলসুঁতিলৈ আদৰণি জনায়; লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে অসম উন্নয়নৰ যাত্ৰাত অহিংসা পদলৈ উভতি অহা সদস্যসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলিও মত প্ৰকাশ কৰে তেওঁ।
আনহাতে, উগ্ৰপন্থীৰ সৈতে জড়িত হৈ কিছু নকৰিবলগীয়া কামৰ সৈতে জড়িত সকলক নিজ মূলসূঁতিলৈ ঘূৰাই অনা ক্ষেত্ৰত সাধাৰণজনেও অংশীদাৰ হ’ব লাগিব বুলি জনায় সোণোৱালে।
ইয়াৰ উপৰিও, নিজ ভাষণ সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, “ৰাজ্যৰ এই শান্তি-সম্প্ৰীতি আৰু প্ৰগতিৰ ধাৰা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আমি সম্পূৰ্ণৰূপে বদ্ধপৰিকৰ। উগ্ৰপন্থীসকলে মূলসুঁতিলৈ উভতি আহি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত চামিল হোৱাটো সমাজৰ লগতে দেশৰ বাবে অত্যন্ত আশাৰ বতৰা। এই সিদ্ধান্ত আৰু দূৰদৰ্শী পদক্ষেপে সদস্যসকলৰ পৰিয়ালবৰ্গৰ লগতে ৰাজ্যবাসীকো আনন্দিত কৰিছে।”












