অজন্তা তালুকদাৰ :
বোকাখাত : বোকাখাতৰ বালিজান যোগী গাঁৱত যোৱা ২১ ডিচেম্বৰৰ নিশা এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হয়। নিজৰ শোৱনী কোঠাৰ বিচনাত শুই থকা অৱস্থাত অগ্নিদগ্ধ হৈ মৃত্যু হয় মহিলাগৰাকীৰ ৷
চেমিমআৰা বেগম নামৰ মৃত্যু হোৱা মহিলাগৰাকী বাস কৰে একমাত্ৰ কন্যা চবনম বেগমৰ সৈতে। একমাত্ৰ জীয়াৰীৰ সৈতে ঘৰটোত থকা মহিলাগৰাকী কেনেদৰে নিজৰ শোৱনী কোঠাত অগ্নিদগ্ধ হৈ মৃত্যু হ’ল সেয়া ৰহস্যৰ আৱৰ্তত৷ মহিলাগৰাকীৰ স্বামী মঃ চৰিফউদ্দিন ওৰফে তৈয়ব আলি ডি ভোটাৰ হোৱাৰ বাবে যোৱা প্ৰায় এবছৰ ধৰি জেল হাজোতত বন্দী হৈ আছে ৷
উপাৰ্জনৰ একমাত্ৰ সম্বল স্বামী জেলত থাকিব লগা হোৱাত কন্যাৰে সৈতে মহিলাগৰাকীৰ দৈনন্দিন জীৱন দুৰ্বিসহ হৈ পৰিছিল ৷ তদুপৰি দীৰ্ঘদিন ধৰি মহিলাগৰাকী ৰোগত আক্ৰান্ত হৈ আছিল ৷
আৰ্থিক দৈন্যতাৰ বাবে দুজনীয়া পৰিয়ালটিক ওচৰ চুবুৰীয়াই পুৱা গধুলি দৈনিক আহাৰৰ যোগান ধৰি আহিছিল ৷ সোমবাৰে কাষৰে এঘৰে নিশাৰ আহাৰ যোগান ধৰিছিল ৷ আহাৰ খাই শোৱাৰ পাছতেই এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় ৷
মাতৃৰ অসুখৰ বাবে দহ বছৰীয়া কন্যা বাহিৰৰ কোঠাত অকলে শুই আছিল ৷ একমাত্ৰ কন্যাৰ সৈতে থকা বন্ধ কোঠাত মহিলাগৰাকী অগ্নিদগ্ধ হৈ কেনেকৈ মৃত্যু হ’ল তাৰ কাৰণ জানিব পৰা হোৱা নাই ৷ নিশাই বোকাখাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷ মহিলাগৰাকীৰ বায়েকে কোনোবাই জ্বলাই দিয়াৰো সন্দেহ প্ৰকাশ কৰিছে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।













