![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কার্বি আংলং জিলা অধিবিদ্যা পৰিষদৰ এখনি সাধাৰণ সভা আজি ডিফুৰ চন্দ্রছিং টেৰণ হাইস্কুলত অনুষ্ঠিত কৰা হয়। বিদ্যালয়সমূহৰ সহকাৰী পৰিদর্শক কাথাৰচন ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত পৰিষদৰ ভালেসংখ্যক গুৰুত্বপূর্ণ বিষয় সন্দর্ভত আলোচনা কৰা হয়। সভাত ৩৫খন বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক উপস্থিত থাকে ৷
অধিবিদ্যা পৰিষদৰ কাৰ্যকৰী সভাপতি হৰেশ্বৰ বৰা সাংবাদিকক জানিবলৈ দিয়া অনুসৰি আজিৰ সভাত আৰএমএছৰ হিছাপ পৰীক্ষাৰ ওপৰতো আলোচনা হয় ৷ আৰএমএছৰ প্ৰিয়া মজুমদাৰকলৈ উদ্ভৱ হোৱা ভুলবুজাও শীঘ্ৰে সমাধান কৰা হ’ব বুলি বিদ্যালয়সমূহৰ সহকাৰী উপ-পৰিদৰ্শক কাথাৰচন ইংতিয়ে সদনক আস্বস্থ কৰা বুলি মন্তব্য কৰে ৷
উক্ত সভাতে পৰিষদৰ পৰৱর্তী অধিৱেশন অহা ২২ জানুৱাৰীত বোকাজানৰ জিনবাবা উচ্চতব মাধ্যমিক বিদ্যালয়ত পৰিষদৰ পৰৱর্তী অধিবেশন অনুষ্ঠিত কৰাৰ লগতে উক্ত অধিবেশনতে পবিষদৰ পুৰনি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হ’ব বুলি সিদ্ধান্ত গ্রহণ কৰা হয়। আজিৰ সভাত অধিবিদ্যা পৰিষদৰ সভাপতি অতুল বৰা আৰু সম্পাদক মনিমন্ত শইকীয়া উপস্থিত থাকে৷












