![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
দৈনন্দিন জীৱনত ঘৰৰ বাহিৰত থাকিলে, আমাৰ পিয়াহ লাগিলে আমি সাধাৰণতে আমাৰ কাষতে থকা ব্যৱসায় প্ৰতিষ্ঠানৰ বিপনীৰ পৰা পানীৰ বটল ক্ৰয় কৰি আমি খাও পানী। কিন্তু, সেই বটলৰ ভিতৰত থকা পানী আমাৰ স্বাস্হ্যৰ বাবে কিমান উপযোগী, তাক আমি বিচাৰ কৰি নাথাকো । সেই চিলপেক বটলৰ ভিতৰত থকা পানীত যদি অস্বাস্থ্যকৰ পদাৰ্থ থাকে তেন্তে আমি বিভিন্ন বেমাৰত আক্ৰান্ত হৈ মৃত্যু মুখতো পৰিব পাৰো। তেনে এক ঘটনা সংঘটিত হৈছে লংকাত। লংকাত চিলপেক বটলৰ ভিতৰত ওলাইছে শেলাই সদৃশ বগা গেদ।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ খংখং গাঁৱৰ আব্দুল নুৰ নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজৰ গেলামাল দোকানত বিক্ৰী কৰিবৰ বাবে লংকাৰ RAIN নামৰ পানী কোম্পানীটোৰ পৰা কেইবা কাৰ্টুনো পানীৰ কাৰ্টুন ক্ৰয় কৰিছিল। আব্দুলে নিজৰ দোকানত RAIN কোম্পানীৰ পানী বটল গ্ৰাহকক বিক্ৰী কৰোতেই গ্ৰাহকে কোম্পানীটোৰ পানী বটলত আৱৰ্জনা সদৃশ বগা গেদ প্ৰত্যক্ষ কৰি আব্দুলক অভিযোগ দিয়ে। আব্দুলে ততাতৈয়াকৈ RAIN কোম্পানীটোত অভিযোগ দিয়ে যদিও সহায় কৰাৰ বিপৰীতে পানী কোম্পানীটোৰ কৰ্তৃপক্ষই আব্দুলক দাবী ধমকি দিয়ে। পিছত ক্ষুদ্ৰ ব্যৱসায়ী যুৱকজনে উপায়বিহীন হৈ RAIN কোম্পানীৰ বিৰুদ্ধে লংকা আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ।












