![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
৩০ বছৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ আভাৱত চটফটাবলগীয়া হৈছে হোজাই জিলাৰ লংকাৰ উদালী জাৰুণী গাঁৱৰ আলিমউদ্দিন নামৰ ব্যক্তিগৰাকীৰ লগতে এটি কণমানী পুত্ৰ নাজিৰ আহমেদে। দুৰ্ভগীয়া লোকজনে ৰোগীয়া গাৰে আনৰ ঘৰে ঘৰে কল বিক্ৰি কৰি পৰিয়াল পোহপাল দিব চেষ্টা কৰিছে যদিও আজি কিছুদিনৰ পৰা স্বাস্থ্যৰ অধিক অবনতি হোৱাত দিশহাৰা হৈ পৰিছে পৰিয়ালটো, যাৰ পৰিপেক্ষিতত চৰকাৰ তথা কোনো সুহৃদয় ব্যক্তিৰ পৰা সহায় বিছাৰিছে পৰিয়ালটোৱে। আলিম উদ্দিন আৰু নাজিৰ আহমেদক বিকলাংগ প্ৰমাণ-পত্ৰ প্ৰদান কৰিছিল যদিও এই পৰ্য্যন্ত লাভ কোনোধৰণৰ চৰকাৰী সুবিধা। যদি প্ৰকৃত লোকে আঁচনিবোৰ লাভেই নকৰে, কাৰ বাবে চৰকাৰৰ চৰকাৰী অভিলাসী আঁচনিবোৰ, নে চৰকাৰৰ নেতাৰ ভাষণতে সীমাবদ্ব থাকে এইবোৰ আঁচনি।












