![]()
আজি শিৱসাগৰ চহৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ বাতিল কৰা আৰু অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্য্যসূচী পালন কৰে।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু শিৱসাগৰ জিলা সমিতিৰ সহযোগত ৰূপায়ন কৰা হয় এই মানৱ শৃংখল কাৰ্য্যসূচী। সংগঠনটোৰ বিষয়ববীয়া সকলে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ বাতিল কৰক, নৰেন্দ্ৰ মোদী হুচিয়াৰ, আৰ.এছ.এছ হুচিয়াৰ, বিজেপি হুচিয়াৰ, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
আজিৰ পৰা আৰম্ভ হোৱা এই ‘কা’ বিৰোধী আন্দোলন এসপ্তাসলৈকে অব্যাহত থাকিব বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সদস্যসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
তদুপৰি এই আন্দোলন অসমৰ গাঁৱে-ভূঞে, চহৰে নগৰে,জনতাক লৈ অব্যাহত থাকিব। অসমৰ জনগণৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কোনো কাৰণতেই ‘কা’ বলৱৎ হোৱাটো স্বীকাৰ নকৰে বুলি স্পষ্ট কৰি দিয়ে।













