![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অতিমাৰী কৰ’না মহামাৰীৰ প্ৰকোপত পৰি বিশ্বব্যাপী মানৱ সংহাৰৰ মাজতে আৰু অভিশপ্ত ২০২০ ইং বৰ্ষটোৰ পৰিসমাপ্তিৰ প্ৰাকক্ষণত আৰু অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভানেত্ৰীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি ডিফুৰ ৰাংছিনা ভৱনত উন্মোচন হয় অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক শাখা সমিতিৰ মুখপাত্ৰ আলোচনী “মিৰজাংছিক”ৰ ৷ মিৰজাংছিকৰ অসমীয়া অনুবাদ সৰু সৰু ফুল ৷

ইয়াৰোপৰি একেখন মঞ্চতে উন্মোচন হয় যুৱ প্ৰজন্মৰ গায়িকা সমাজ কৰ্মী ব্ৰক্ষ্মানন্দ বৰাৰ কণ্যা হিমাক্ষী বৰাৰ কণ্ঠত প্ৰাণ পোৱা এক সুৱলা গীতৰ এলবাম “পাহাৰীয়া ছোৱালী”ৰ ৷ মিৰজাংজিক আৰু গীতৰ এলবাম খনৰ শুভ উন্মোচন কৰে ক্ৰমে, ডিফু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰেণ দাস আৰু ৰবিন চন্দ্ৰ গোস্বামীয়ে ৷ ডিফু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উদ্ধৱ চন্দ্ৰ মহন্তৰ পৌৰোহিত্যত অনুষ্ঠত সভাখনৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে সভাখনৰ আঁত ধৰে মিৰজাংছিকৰ প্ৰাক্তন সম্পাদক ব্ৰক্ষ্মানন্দ বৰাই ৷ সভাৰ আৰম্ভণিতেই অসম সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী নলিনীবালা দেৱীৰ প্ৰতিচ্ছবিত সুধীবৃন্দই পুষ্পাঞ্জলী অৰ্পণ কৰে ৷ সম্পাদকীয়ৰ ভাষণত বিশিষ্ট লেখিকা তথা মিৰজাংছিক মুখপাত্ৰখনৰ সম্পাদিকা গীতা বৰাই আলোচনীখন সুধী সকললৈ আগবঢ়াই দিয়াৰ তিতা-মিঠা অভিজ্ঞতাখিনি প্ৰকাশ কৰে লগতে আলোচনীখনৰ বিভিন্ন শিতানৰ বিষয়ে আলোকপাত কৰে আৰু আলোচনীৰ ক্ষেত্ৰত লেখক-লেখিকাসকললৈ কৃতজ্ঞতা প্ৰকাশ কৰে ৷
ইয়াৰোপৰি আলোচনী খন প্ৰকাশ কৰাৰ ক্ষেত্ৰত ব্ৰক্ষ্মানন্দ বৰা, সাংবাদিক পেঞ্চনাৰ নগেন বৰা আৰৱ লেখক লেখিকাসকলৰ প্ৰতি অশেষ কৃতজ্ঞতা জনায় ৷ আনহাতে হিমাক্ষী বৰাৰ সুললিত কণ্ঠত আজি শুভমুক্তি পোৱা গীতৰ এলবাম “পাহাৰীয়া ছোৱালী”ৰ সংগীত পৰিচালক সীমান্ত বৰ্মণ, সুৰ, ব্ৰক্ষ্মানন্দ বৰাৰ ৷ সভাখনৰ উন্মোচনী ভাষণ আগবঢ়াই দিয়া ভাষণত উন্মোচক কৰেণ দাসে গীতা বৰাৰ পৰশত জন্ম লাভ কৰা সৰ্বাংগ সুন্দৰ মুখপাত্ৰ “মিৰজাংছিকৰ ” দীৰ্ঘায়ু কামনা কৰে ৷ আজিৰ উন্মোচনী সভাত ডিফু আঞ্চলিকৰ প্ৰাক্তন সভাপতি কৰেণ দাস, ডিফু, আঞ্চলিক প্ৰাক্তন সভাপতি,ৰবিন গোস্বামী, দেৱেন কাকতি, অসম, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, প্ৰমূখ্যকৰি কেইবাগৰাকী সাহিত্য কাণ্ডাৰী উপস্থিত থাকি সভাৰ গৰিমা সৌষ্ঠৱ বৃদ্ধি কৰে ৷












