![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে চাৰিটা বছৰ পূৰ্ণ কৰিলে ৰণজিৎ দাসে৷ এই উপলক্ষে কৰিমগঞ্জত চলি থকা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত বিপুল আদৰণি আৰু সম্বৰ্ধনা জনাৱো হয় ৰণজিৎ দাসক৷ বিজেপিৰ যুৱ মৰ্চাই সভাপতি হিচাপে চতুৰ্থ বছৰ সফলতাৰে সম্পূৰ্ণ কৰাত ৰণজিৎ দাসক আদৰণি জনায়।
আনহাতে, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাস্থলীত ৰাজ্যিক বিজেপিৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া, উত্তৰ-পূবৰ দায়িত্বত থকা অজয় জামোৱাল, ৰাজ্যিক প্ৰভাৰী বৈজায়ন্ত জে পাণ্ডাসহ ৰাজ্যিক প্ৰভাৰী পৱন শৰ্মা, ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা প্ৰমুখ্যে বিধায়কসকলে সম্বৰ্দ্ধনা জনায়৷ ৰাজ্যিক যুৱ মৰ্চাৰ হৈ অনুপ বৰ্মনৰ নেতৃত্বত সভাপতি ৰণিজৎ কুমাৰ দাসক সম্বৰ্দ্ধনা জনায়৷












