![]()
নিউজ ডেস্কঃ
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ১২ জানুৱাৰীত ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীয়ে লাভ কৰিব ৫০ হাজাৰ টকাকৈ। স্বয়ম নামৰ এক আঁচনিৰ জৰিয়তে ২ লাখ নিবনুৱা যুৱতীয়ে আত্মসংস্থাপনৰ বাবে লাভ কৰিব ৫০ হাজাৰ টকাকৈ। বৃহস্পতিবাৰে কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ভাষণত মন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকৰ বাবেও এক নতুন খবৰ সদৰি কৰিছে । ৭ লাখ চাহ শ্ৰমিকৰ বেংক একাউণ্ট খোলাৰ লগতে প্ৰতিটো একাউণ্টত ২ৰ পৰা ৩ হাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিবছৰে চাহ শ্ৰমিকে এই অনুদান লাভ কৰি থাকিব বুলি জনাই ৷













