![]()
ক’ৰনা ভাইৰাছ বাবে ঘোষণা কৰা লকডাউনত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্য চলচ্চিত্ৰগৃহ পুনৰ উজ্জীৱিত বাবে আৰ্থিকভাৱে অসহায় স্বতাধিকাৰীসকল। ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা সহায়ৰ ভিক্ষা সদৌ অসম চলচ্চিত্ৰগৃহ মালিক সংস্থা। “মুখ্যমন্ত্ৰী মহোদয় অসমীয়া চলচ্চিত্ৰ উদ্যোগতো বচাওঁক। নহ’লে শেষ হৈ যাব”- আহ্বান সদৌ অসম চলচ্চিত্ৰগৃহ মালিক সংস্থা।
“১০মাহ চলচ্চিত্ৰ জগত বন্ধ। তাৰ পাছতো আমাৰ কৰ্মচাৰীসকলক চেষ্টা কৰি চলালোঁ। কিন্তু এতিয়া আমি অসহায় চাৰেণ্ডাৰ কৰিছোঁ বুলি উল্লেখ কৰি সংস্থা সভাপতি ৰাজীৱ কুমাৰ বৰাই কয়- এটা পিছত এটা চলচ্চিত্ৰ গৃহ বন্ধ হৈ আছে। চিনেমা উদ্যোগতো এই অৱস্থাতে উদ্ধাৰ নকৰিলে আৰু উদ্ধাৰ কৰাটো সম্ভৱ নহ’ব। অসমীয়া চলচ্চিত্ৰ উদ্যোগতো এটা সৰু উদ্যোগ নহয় জড়িত অসমীয়া কৰ্মচাৰীখিনিক আপুনি বচাওঁক।
“গুৱাহাটীৰ মাজ মজিয়াত ৪টাকৈ ছবিগৃহ বন্ধ হ’ল বা বন্ধ হোৱাৰ পথত। আৰু কেইটা বন্ধ হ’ব তাৰ ঠিক নাই। ১২টা ছবিগৃহ অৱস্থা বৰ্তমান অত্যান্ত বেয়া। অহা এক মাহৰ ভিতৰত উদ্ধাৰ কৰা বাবে যদি ব্যৱস্থা নলয় তেন্তে বন্ধ হ’ব”- বৰাই লগতে কয়।
অসমত চলচ্চিত্ৰগৃহ নাই। যি আছে তাৰ অৱস্থা অত্যান্ত বেয়া। কৰ্মচাৰীসকল অসমীয়া মানুহ। তেওঁলোকৰ পৰিয়াল চলাবলৈ আজি অসহায়।
চৰকাৰে কিবা অলপ সহায় কৰি অসমীয়া কৰ্মচাৰীখিনিক উদ্ধাৰ কৰক। আমি যি পাৰো কৰিলোঁ- বৰাই কয়।
প্ৰত্যক্ষ-পৰোক্ষভাৱে হাজাৰ হাজাৰ কৰ্মচাৰী জড়িত আছে। মুখ্যমন্ত্ৰী মহোদয় আমাক বহুত একো নালাগে আৰু বিচৰা নাই। আমাক অলপ দিয়ক। অতি বেছি উদ্যোগতো উদ্ধাৰ বাবে ১০ কোটি পেকেজ দিলে যথেষ্ট হ’ব- ছবিগৃহ মালিকসকলে এইদৰে কয়।
উল্লেখ ক’ৰনা পূৰ্বে ৩০ খনকৈ অসমীয়া চলচ্চিত্ৰ কাম চলি আছিল অসমত এই কথা জানিব দিয়ে সংস্থা সভাপতি বৰাই।
ইপিনে ক’ৰনা পাছত অন্ধপ্রদেশ, ঝৰখণ্ড আদি ৰাজ্যত ছবিগৃহ ওপৰত বিশেষ পেকেজ আগবঢ়াইছে চৰকাৰসমূহে। অন্ধপ্ৰদেশত ১১শ ছবিগৃহ আছে। কিন্তু আমাৰ প্ৰায় ৮০টা ছবিগৃহক আপোনালোকে সহায় কৰক- গুৱাহাটীত সম্বোধন কৰা সংবাদমেলত এইদৰে কয় সংস্থাটোৱে।
সংবাদমেলত অনুৰাধা ছবিগৃহ স্বত্বাধিকাৰী চিন্ময় শৰ্মাই কয়- ১৫ মাৰ্চ পৰা ছবিগৃহসমূহ বন্ধ কৰি ৰখা হৈছে। তাৰ পাছতো বিদ্যুৎ বিভাগৰ এটা ফিক্স চার্জ আমালৈ আহে। তাৰ উপৰিও এটা অতিৰিক্ত চার্জ আমালৈ আহিছে। কাৰণ ফিক্স বিদ্যুৎ চার্জব্যয় নকৰা বাবে যিটো দুৰ্ভাগ্যজনক। চৰকাৰৰ নিৰ্দেশনা মানি ছবিগৃহসমূহ আমি বন্ধ কৰিছোঁ। তাৰ পাছত এইদৰে আমাক হাৰাশাস্তি কৰিছে বিদ্যুত বিভাগে।
ইফাল অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ দলেক সহায়ৰ ভিক্ষা কৰি কৰি ভাগৰি যোৱা বুলি সংবাদমেলত উল্লেখ কৰে মালিক সকলে। গতিকে অন্তিমবাৰৰ বাবে মুখ্যমন্ত্ৰী ওচৰত সহায়ৰ আহ্বান জনাইছে তেওঁলোকে।













