![]()
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগ ব্যৱস্থাত নতুন সংযোজনেৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে শুক্ৰবাৰে শিলচৰত ২,৩৬৬ কোটি টকা ব্যয় সাপেক্ষে ৪৩৯ কি:মি: দৈৰ্ঘ্যৰ ২৭টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। লগতে নৱনির্মিত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আৱক্ষ মূৰ্তিও উন্মোচন কৰে। এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক সম্বোধন কৰে।












