![]()
কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰ টোলগেটত আজি অগ্নিসংযোগ কৰে এদল অচিনাক্ত যুৱকে। ৰাজ্যৰ বিভিন্ন স্থানৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত টোলগেট স্থাপনৰ দ্বাৰা বিজেপি নেতৃত্বাধীন চৰকাৰে বিগত দিন ধৰি পথ উন্নয়ন আৰু সম্প্ৰসাৰণ নামত কৰ সংগ্ৰহ কৰি আহিছে আৰু যাৰ ফলত শেহতীয়াকৈ অস্তিত্ব হৈ পৰিছে সাধাৰণ জন।

অত্যাধিক কৰৰ বোজা আৰু বহিৰাগত বনিক গোষ্ঠীৰ হাতত লেছি সলনি হোৱাক কেন্দ্ৰ কৰি ক্ষোভিত হয় মদনপুৰ টোলগেটত অগ্নিসংযোগ কৰে একাংশ অচিনাক্ত যুৱকে। তাৰ পিছতেই ঘটনাস্থানত আৰক্ষী তথা প্ৰশাসনিক বিষয়া উপস্থিত হৈ ঘটনাস্থলী নিৰীক্ষণ কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।













