![]()
২০২১ চনৰ বিধানসভা নির্বাচনক লক্ষ্য কৰিয়ে অসম বৰ্তমান অসম ভ্ৰমণত কেন্দ্রীয় গৃহষ্ট্রমন্ত্রী অমিত শ্বাহ। কালি নিশা গুৱাহাটীত আহি উপস্থিত হোৱা অমিত শ্বাহে আজি আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত বিশাল জনতাক সম্বোধন কৰে৷ জনতাক উদ্দেশ্যি দিয়া তেওঁৰ ভাষণত আজি বিশেষভাৱে স্থান লাভ কৰে অসমৰ সশস্ত্র আন্দোলন, বড়োলেণ্ডৰ দাবী তথা অন্যান্য বহু বিষয়। ভাষণত তেওঁ কয়, ‘‘অসমত নতুনকৈ ভক্তি আন্দোলনৰ সূত্রপাত হৈছে। যি আন্দোলনে অসমৰ তৰুণ-তৰুণীসকলক সশস্ত্র সংগ্রামৰ পথৰ পৰা ভক্তি মার্গলৈ ঘূৰাই আনিব।’’
উল্লেখ্য শ্ৰীমন্ত শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ মূল আধাৰ নামঘৰসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক অভিলাষী আঁচনি৷ ইয়াৰ বাবে ৰাজ্যখনৰ ৮ হাজাৰ নামঘৰক আঢ়ৈ লাখ টকাকৈ অনুদান আগবঢ়াইছে চৰকাৰে। তাৰ মাধ্যমেৰে নতুন অসম গঢ়ি উঠিব বুলি মত ব্যক্ত কৰে অমিত শ্বাহে।

কেন্দ্রীয় গৃহমন্ত্রীয়ে কয়, ‘‘এটা সময় আছিল, যেতিয়া বিচ্ছিন্নতাবাদীসকলে ৰাজ্যত প্রভাৱ বিস্তাৰ কৰিছিল। কিন্তু ক্রমে তেওঁলোক মূলসুঁতিলৈ ঘূৰি আহিছে আৰু অসমৰ উন্নতিত জড়িত হৈছে। ইয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ সাফল্য হ’ল বড়োলেণ্ডৰ চুক্তি। য’ত ইমান দিনৰ পিছত শান্তিপূর্ণ নির্বাচন হৈছে। ৮০ শতাংশ নিৰ্বাচন কেন্দ্ৰত এটোপাও ৰক্তপাত হোৱা নাই।’’ আজিৰ সভাৰ পৰাই এনেদৰে ‘নব্য অসমৰ ৰূপৰেখা’ তৈয়াৰৰ কথা কয় কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে।
আনহাতে, ৰাজ্যৰ ২০২১ৰ নির্বাচনক লৈ যথেষ্ট আত্মবিশ্বাসী দেখা যায় অমিত শ্বাহক। তেওঁ কয়, ‘‘সোণোৱাল-হিমন্ত যুটিৰ সাফল্যত ভৰসা ৰাখিছে বিজেপিয়ে। তেওঁলোকে অসমত অসম্ভৱক সম্ভৱ কৰি দেখুৱাইছে।’’

উল্লেখ্য, শুক্রবাৰে প্ৰায় মাজনিশা গুৱাহাটী বিমানবন্দৰত অমিত শ্বাহক জনোৱা হয় বিপুল আদৰণি। বিভিন্ন জনগোষ্ঠীয় গীত-নৃত্যৰে তেওঁক স্বাগতম জনোৱা হয়। মাজনিশাই তেওঁ টুইটযোগে এই অভ্যর্থনাৰ অনুভূতিৰ কথা প্ৰকাশ কৰে অমিত শ্বাহে। আজিৰ সভাতো অসমৰ সেই পৰম্পৰাগত ভক্তি আন্দোলন আৰু ইতিহাসৰ কথা বাৰম্বাৰ মুখত আহে তেওঁৰ ভাষণত। তেওঁ কয়, ‘‘শ্রীমন্ত শঙ্কৰদেৱৰ ধাৰাক অসমত ঘূৰাই অনাৰ সময় হৈছে। ইয়াৰ মাধ্যমেৰে এক নতুন অসমৰ সূত্রপাত হ’ব পাৰে।’’ লগতে অসমৰ দীর্ঘদিনৰ সাংসদ তথা প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে তেওঁৰ সময়ছোৱাত ৰাজ্যখনৰ বাবে একোৱেই নকৰিলে বুলিও অভিযোগ কৰে অমিত শ্বাহে।
উল্লেখ্য, আজিৰ সভাত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অগপৰ সভাপতি অতুল বৰাকে আদি কৰি মন্ত্ৰীসভাৰ সদস্যসকল, মুখ্য সচিবকে আদি কৰি ৰাজ্যিক প্ৰশাসনৰ বিষয়াসকল৷













