![]()
অসম জাতীয় পৰিষদত যোগদান কাৰ্যসূচী। গুৱাহাটী মুখ্য কাৰ্যালয়ত যোগদান কৰিলে কা’ আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ ভিনিয়েক ছাদেক আলি।
এজেপি সাধাৰণ সম্পাদক জগদীশ ভূঞা, চিত্ৰৰঞ্জন বসুমতাৰী উপস্থিতিতি দলত যোগদান কৰিলে সংখ্যালঘু উন্নয়ন পৰিষদৰ সভাপতি নাজিৰ হুছেইন, উপ-সভাপতি আক্ৰাম মিঞা, সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, নজৰুল ইছলাম, গোপীনাথ সৰকাৰ, মনুৱাৰ হুছেইন, মইনুল হক, বিজু তালুকদাসহ মুঠ ১৪জন ব্যক্তিয়ে।

এজেপিত যোগদান কৰি ছেমৰ ভিনিয়েক চাদেকে কয়-বিজেপি চৰকাৰে পঞ্চশ্বহীদক ন্যায় নিদিয়ে। এজেপি সভাপতি লুৰীণজ্যোতি গগৈ নেতৃত্বত পঞ্চশ্বহীদক ন্যায় দিবলৈ মই যোগদান কৰিছোঁ”।
বিজেপি চৰকাৰক উফৰাই পঠাব পাৰিলে পঞ্চশ্বহীদে ন্যায় পাব। কা’ বলপূৰ্বকভাৱে অসমীয়া ওপৰত জাপি দিছে বিজেপিয়ে। কোনো দিনে অসমীয়াই বিচৰা নাছিল কা। তাৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে ৫জন ডেকা ল’ৰাক বিজেপিয়ে হত্যা কৰিলে- ছাদেকে কয়।













