ASSAM TIMES POST
চেন্নাইঃ উপকূলীয় ৰাজ্য তামিলনাডুত ৬ পাকিস্তানী সন্ত্ৰাসবাদীয়ে পিয়াপি দি ফুৰাৰ তথ্য লাভ কৰিছে চোৰাংচোৱাই। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। চোৰাংচোৱা সংস্থাই সদৰী কৰা অনুসৰি সাগৰেদি সন্ত্ৰাসবাদী কেইটাই তামিলনাডুত প্ৰৱেশ কৰে। মন কৰিবলগীয়া কথাটো হ’ল মানুহৰ সন্দেহৰপৰা হাত সাৰিবলৈ সন্ত্ৰাসবাদী কেইটাই কঁপালত চন্দনৰ ফোঁট লৈ বিনা বাধাই চলাফুৰা কৰি আছে।