ASSAM TIMES POST
ডিফুঃ শুকুৰবাৰে ডিফু থানাৰ সৌজন্যত গাওঁৰক্ষী বাহিনীৰ সমূহৰ থানা কমিটিৰ উদ্যোগত ডিফু থানা চৌহদৰ গাওঁৰক্ষী বাহিনীৰ কাৰ্যালয়ত অসম গাওঁৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ ৫০ সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰা হয় ৷ পুৱাৰ ভাগত হৰিনাৰায়ণ বৰুৱাৰ প্ৰাতিকৃতিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পণেৰেৰ প্ৰয়াত বৰুৱাক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপডেন দাসকে প্ৰমুখ্য কৰি গাওঁৰক্ষী বাহিনীৰ থানা কমিটিৰ বিষয়ববীয়া আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা গাওঁৰক্ষী বাহিনীৰ সভাপতি সম্পাদক লগতে সদস্য সকলে ৷
ডিফু গাওঁৰক্ষী বাহিনীৰ থানা কমিটিৰ সভাপতি হেমাৰী তিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত স্মৃতি সভাত বিভিন্ন বক্তা সকলে প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ জীৱন আৰু কৰ্মৰাজীৰ ওপৰত চমু আলোকপাত কৰে ৷ ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপেন দাস আৰু সভাপতি হেমাৰী তিমুঙে প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আজিৰ প্ৰজন্মক গাওঁৰক্ষী বাহিনীৰ জৰিয়তে গাওঁৰ আভ্যন্তৰিণ নিৰাপত্তা আৰু জনসেৱা আগবঢ়াবলৈ আহ্বান জনায় ৷
https://youtu.be/3oMs6yuc6YM
লগতে গাওঁৰক্ষী বাহিনী আৰু আৰু আৰক্ষী একেটা মূদ্ৰাৰ ইপিঠি- সিপিঠি বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ ইয়াৰোপৰি উপস্থিত অতিথি সকলক উদ্যোক্তা সকলে একোখনকৈ ফুলাম গামোছাৰে আদৰণি জনোৱাৰ লগতে গাওঁৰক্ষী বাহিনীৰ সদস্য সকলৰ মাজত গছপুলিও বিতৰণ কৰে ৷ আজিৰ কাৰ্যসূচীত ক্ৰমে ডিফু থানাৰ অ’চি দিপেন দাস, থানা কমিটিৰ সভাপতি, হেমাৰী তিমুঙ, উপসভাপতি আব্দুল মতিন তালুকদাৰ, উপ উপদেষ্টা কুমচিং টেৰণ, সহকাৰী সম্পাদক খয়াচিং তিমুঙ উপস্থিত থাকে।