ASSAM TIMES POST
ডিফুঃ বুধবাৰে নিশা ডিফু চিভিল হাস্পাতালৰ পৰা পলায়ণ কৰা কয়দী আতিফুল ৰহমান ওৰফে চেলিম পুনৰ আটক কৰিবলৈ সক্ষম হৈছে ডিফু আৰক্ষীয়ে ৷ আতিফুল ৰহমান পলায়ন কৰাৰ পিছৰ পৰা নিদ্ৰা হৰণ হৈছিল ডিফু আৰক্ষীৰ ৷ এইলৈ গোটেই নিশা আৰক্ষীৰ গোপন উৎসৰ জৰিয়তে চলিছিল আতিফুলক কৰায়ত্ত কৰাৰ বিশেষ অভিযান ৷
ডিফু পানবাৰীস্থিত কয়দীজনৰ ঘৰত স্থানীয় ৰাইজে ৰাখিজিল তীক্ষ্ণ দৃষ্টি ৷ পলাতক কয়দী ৰহমান ওৰফে চেলিমৰ পত্নীয়ে সাংবাদিকক জনোৱা অনুসৰি প্ৰত্যাশা কৰাৰ ধৰণে পুৱাৰ ভাগত নিজৰ পত্নীৰ সৈতে দেখা কৰাৰ বাবে নিজৰ ঘৰত আহি গা ধুবলৈ ধৰে ৷
পত্নীয়ে গম পাই আতিফুলক আৰক্ষীৰ ওচৰত আত্ম সমৰ্পণ কৰিবলৈ পৰমৰ্শ দিয়ে যদিও কয়দীজনে ওলোটাই পত্নীৰ ওপৰত খঙ দেখুৱায় নানা ভাবুকি দিয়ে৷ উক্ত কথা গম পাই স্থানীয় ৰাইজ আৰু ভিডিপিয়ে কৰায়ত্ত পলাতক কয়দী জনক কৰায়ত্ত কৰি ডিফু আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে কয়দী জনক কৰায়ত্ত কৰি ডিফু থানালৈ আনে৷
উল্লেখযোগ্য যে পূৰ্বৰ পত্নী হত্যাৰ গোচৰত আতিফুল ডিফু জিলা কাৰাগাৰত যাৱজ্জীৱন কাৰাবাস খাটি আছিল আৰু যোৱা বুধবাৰে নিশা ডিফু চিভিল হাস্পাতালৰ পৰা চিকিৎসাধীনঅৱস্থাৰ পৰা পলায়ন কৰিছিল ৷












