নিউজ ডেক্স:
ৰাজধানী দিল্লীৰ আব্দুল কালাম ৰোডস্থিত ইজৰাইলী দূতাবাসৰ সন্মুখত সংঘটিত হয় প্ৰচণ্ড বিস্ফোৰণ। এই বিস্ফোৰণত সেইবাখনো গাড়ীৰ ক্ষতিসাধন হয়। ইজৰাইলী দূতাবাসৰ সমীপৰ এটা বাংলোত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
এইপৰ্যন্ত কোনো লোক বিস্ফোৰণত হতাহত হোৱাৰ খবৰ অহা নাই। বিস্ফোৰণৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ মতে, এয়া কম প্ৰাবল্যৰ এক বিস্ফোৰণ।
এই বিস্ফোৰণক লৈ দিল্লী আৰক্ষীৰ বিশেষ দলে তদন্ত আৰম্ভ কৰিছে। অগ্নিনিৰ্বাপক বাহিনীৰ মতে, এই বিস্ফোৰণত চাৰি–পাঁচখন গাড়ীৰ আইনা ভাঙি গৈছে।










