নিউজ ডেক্স:
আশা কৰা হৈছিল অভিশপ্ত ২০২০চনটো পাৰ হ’লেই ভাল সময় ঘুৰি আহিব। কিন্তু তেনে একো নহ’ত। WHO-ৰ সতর্কবাণীত বাঢ়িল উদ্বেগ। বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে, ২০২১ চনতো ক’ৰোনাৰ উপদ্ৰৱ শেষ নহয়। WHO-ৰ ইমার্জেন্সি ডিৰেক্টৰ মাইকেল ৰায়ানে জনাইছে, চলিত বছৰো ক’ৰোনা মহামাৰী থাকিব।
কিন্তু এতিয়া আক্রান্ত আৰু মৃতকৰ সংখ্যা কমিব। যোৱা সপ্তাহত সমগ্ৰ বিশ্বৰ ক’ৰোনা আক্রান্তৰ সংখ্যা পুনৰ বৃদ্ধি পাইছিল । মাস্ক পৰিধান আৰু চেনিটাইজাৰ ব্যৱহাৰ বন্ধ কৰিলে সমস্যা অধিক বাঢ়িব পাৰে।
আফ্রিকাৰ দেশসমূহত এইবাৰ ক’ৰোনা ভেক্চিন দিয়া আৰম্ভ হৈছে। পশ্চিম আফ্রিকাৰ দেশ ঘানাত টিকাকৰণ চলিছে। যোৱা কেইবা দশকজুৰি এটাৰ পিছত আন এটা ভাইৰাছৰ আক্ৰমণত জুৰুলা হৈছে আফ্রিকাৰ দেশসমূহ।
ইবোলাৰ দৰে মাৰাত্মক ভাইৰাছে আফ্রিকাত তাণ্ডৱ চলাইছে। আফ্রিকাৰ দেশসমূহলৈ ভাৰতৰ ক’ভিশ্বিল্ড ৰপ্তানি কৰা হৈছে। ঘানাত ইতিমধ্যে ৬লাখ ভেক্চিনৰ ডোজ পাইছেগৈ।
WHO-ৰ ফালৰপৰা জনোৱা হৈছে, যোৱা সপ্তাহত ইউৰোপ, আমেৰিকা আৰু দক্ষিণ-পূব এছিয়াৰ বহু দেশত ক’ৰোনা আক্রান্তৰ নতুন কেছ পোৱা গৈছে। যোৱা ৭ সপ্তাহত বিভিন্ন দেশত কৰ’নাত আক্রান্তৰ সংখ্যা কমিছিল।
কিন্তু নতুনকৈ পুনৰ আক্রান্তৰ সংখ্যা বাঢ়ি থকাত উদ্বিগ্ন হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ কৰ্মকৰ্তাসকল। ক’ৰোনাৰ নতুন ষ্ট্ৰেইনক লৈ উদ্বেগ প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। সমগ্ৰ বিশ্বত ক’ৰোনা আক্রান্তৰ সংখ্যা হৈছেগৈ ১১.৪৯ কোটি। ৯ কোটি মানুহে ক’ৰোনাক জয় কৰি সুস্থ হৈ উঠাৰ বিপৰীতে মৃত্যু হৈছে ২৫ লাখ ৪৯ হাজাৰ জন লোকৰ।











