![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰবি আংলঙৰ বিভিন্ন প্ৰান্তত নাৰী দিৱস উদযাপন কৰা হয় ৷ সেই উপলক্ষে আজি ডিফু আৱৰ্ত ভৱনত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু ৱান ষ্টপ চেণ্টাৰ সখীৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱসটি উদযাপন কৰা হয় ৷ সভাত মুখ্য অতিথি হিছাপে উপস্থিত থকা জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ নৱ নিযুক্ত মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাঙে নিজৰ ভাষণ প্ৰসংগত নাৰী শক্তিক উচ্চ প্ৰশংসা কৰি নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷
ইয়াৰোপৰি ন্যায়িক বিষয়াগৰাকীয়ে পূৰ্বে নাৰী নিৰ্যাতন, যৌতুক, ধৰ্ষণ আদিৰ দৰে কাৰ্য অসমৰ বাহিৰত শুনা গৈছিল যদিও অপৰাধমূলক কাৰ্য এতিয়া অসমতো সুলভ হৈ পৰাত তেওঁ উদ্বিগ্ন হৈ পৰে ৷ নাৰীৰ আইনী অধিকাৰ সন্দৰ্ভত জিলা আইন সেৱা প্ৰাধিকৰণে সমাজৰ চুকে-কোণে সজাগতা সৃষ্টি কৰি আহিছে বুলি মন্তব্য কৰাৰ লগতে এনে সুবিধা গ্ৰহণ কৰাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনাইছে ন্যায়িক বিষয়াগৰাকীয়ে ৷
আনহাতে সভাত উপস্থিত থকা জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষৰ নিয়োজিত অধিবক্তাদ্বয় ক্ৰমে ৰশ্মি ভড়ালী আৰু সুপ্ৰিয়া হাঞ্চুৱে নাৰী সাৱলীকৰণ নাৰী সুৰক্ষা, নাৰী অধিকাৰৰ বিষয়ে বিভিন্ন আইন, বাল্য বিবাহ শিশু শ্ৰমিক আদিৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷
ইয়াৰোপৰি মহিলাসকলে ঘৰুৱা হিংসা, যৌতুক, আদি অপৰাধ সন্দৰ্ভত নিৰ্ভয়ে জিলা আইন সেৱা প্ৰাধিকৰণৰ কাষ চাপি বিনামূলীয়া আইনী সুবিধা ল’বলৈ আহ্বান জনায় ৷ এই নাৰী দিৱসৰ লগত সংগতি ৰাখি ডিএলএএছএই ধনশিৰিৰ শিশু গৃহৰ পৰিচালিকা অম্বিকা প্ৰধান থাপা আৰু আত্ম নিৰ্ভৰশীল মহিলা ডিফু ৰংখেলানৰ মানাই টেৰণপীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷
আনহাতে, আজি ডিফু কলা কেন্দ্ৰত জিলাখনৰ অগ্ৰণী মহিলা সংগঠন আৰু ইয়াৰ ভগ্নী সংগঠনসকলেও আন্তৰ্জাতুক নাৰী দিৱস পালন কৰে ৷












