![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বোকাজানৰ চিলনিজানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দাও দাওকৈ জ্বলি উঠে ট্ৰাক আৰু স্কুটি। প্ৰাপ্ত খবৰ অনুসৰি বোকাজান অভিমুখে আহি আছিল চিমেণ্ট ভৰ্তি ট্ৰাকখন। তেনে সময়তে ট্ৰাক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত নিমিষতে জুই লাগি নিহত ২ জন স্কুটি আৰোহী। জ্বলি উঠা ট্ৰাকখনৰ নম্বৰ AS-01-LC-2466 স্কুটি আৰোহী দুজনৰ এতিয়ালৈকে পৰিচয় জানিব পৰা হোৱা নাই।
সৰুপথাৰৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমোৱাবলৈ সক্ষম হয়।












