![]()
ছাইদুল ইছলাম
ডিফু : আগন্তুক বিধানসভা নিৰ্বাচনত পাহাৰীয়া জিলা কাৰবি আংলঙত নিৰ্দলীয় ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হোৱা অল পিপুল হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচি দলে নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুগত তুলিছে৷ কালি জিলা উপায়াক্ত কাৰ্যালয়ত দলীয় প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰাৰ পিছত আজি বিভিন্ন দল-সংগঠনৰ পৰা দলটোত ১৪ জনকৈ লোকে স্বেচ্ছাই যোগদান কৰে ৷ আজি এপিএইছএলচিৰ সভাপতি অৱসৰ প্ৰাপ্ত আইএএছ বিষয়া জে আই কাথাৰৰ বাসগৃহত শীৰ্ষ নেতৃবৰ্গৰ উপস্থিতিত কেএনএৰ তিনিজন, বিজেপিৰ পৰা ৫ জন, এএছডিচিৰ ৫ জন আৰু কংগ্ৰেছৰ ১ জন কৰ্মীয়ে যোগদান কৰে ৷
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত এপিএইছএলচিৰ সভাপতি জে আই কাথাৰে কয় যে, অসমে পাহাৰীয়া জিলাখনক পাহৰিছে, সেয়ে এইবাৰ পাহাৰীয়া লোকেও পাহৰিব অসম চৰকাৰক ৷ অসম চৰকাৰে বৰাকক মিনি অট’নমাছ ষ্টেট দিয়াৰ চিন্তা চৰ্চা কৰিছে যদিও পাহাৰীয়া জিলাখনৰ সংবিধান প্ৰদত্ত অধিকাৰ ২৪৪(ক) প্ৰদান কৰি এখন স্বায়ত্তৰাজ্য প্ৰদান কৰিবলৈ ইচ্ছা কৰা নাই ৷ পাহাৰীয়া ৰাইজক অসম চৰকাৰে বৈষম্য কৰিছে ৷ সেয়ে এইবাৰ বিজেপি চৰকাৰ পাহাৰৰ পৰা উৎখাত কৰিব বুলি মন্তব্য কৰিছে নেতাগৰাকীয়ে ৷












