![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কাৰ্বিআংলং : পশ্চিম কাৰ্বি আংলং জিলাৰ একমাত্ৰ বিধানসভা সমষ্টি ২০নং বৈঠালাংছ’ সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল।
কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাং, কেইবাগৰাকীও পৰিষদীয় সদস্য, সহস্ৰাধিক দলীয় নেতা কৰ্মীক লগত লৈ হামৰেণ স্থিত জিলা উপায়ুক্ত কাৰ্য্যলয়ত ৰিটাৰ্নিং বিষয়াৰ হাতত আজি দুপৰীয়া ১২:৪৫ বজাত সমষ্টিটোৰ প্ৰথমগৰাকী প্ৰাৰ্থী হিচাপে বিজেপি প্ৰাৰ্থী ৰূপছিং তেৰণে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।
মনোনয়ন পত্ৰ দাখিল কৰি সাংবাদিকৰে কৰা বাৰ্তালাপত ৰূপছিং তেৰনে কয় যে বিধায়ক নিৰ্বাচিত হ’লে মেঘালয়ৰ সৈতে থকা পশ্চিম কাৰ্বি আংলঙৰ সীমা বিবাদৰ সমাধান, ৰাস্তা-ঘাটৰ উন্নয়ন আদিক অগ্ৰাধিকাৰ দিব।
লক্ষণীয়ভাৱে বিজেপি প্ৰাৰ্থী ৰূপছিং তেৰনে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত বৰ্তমানৰ বিধায়ক ডাঃ মানছিং ৰংপি আৰু দলৰ প্ৰাক্তন সভাপতি অৰুন তেৰাং উপস্থিত নাছিল।













