স্বাস্থ্য প্ৰতিবেদন:
ক’ৰোনাৰ সময়ত সুস্থ হৈ থকাটো অতি প্ৰত্যাহ্বানজনক। একে সময়তে, শীতকালত বতাহৰ গুণমান বেয়া হোৱা বাবে শ্বাসকষ্টজনিত ৰোগৰ সম্ভাৱনা বহুখিনি বৃদ্ধি পায়। বিশ স্বাস্থ্য সংস্থাৰ মতে, লিভাৰৰ ৰোগ ভাৰতৰ দহটা ডাঙৰ ৰোগৰ ভিতৰত গণ্য কৰা হয়। প্রতিবছৰে দেশত লিভাৰ সম্পর্কিত ১০ লাখ ৰোগী হয় যিটো গুৰুতৰ উদ্বেগৰ বিষয়।
লিভাৰ শৰীৰৰ সর্বাধিক গুৰুত্বপূর্ণ অঙ্গ যিয়ে দেহক ডিটক্স কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ই শর্কৰাবোৰ ভাঙি গ্লুকোজ গঠনৰ কাম কৰে। লিভাৰত প্রয়োজনীয় পুষ্টি উপাদান পোৱা যায় যি খাদ্যৰ পৰা হজম আৰু পুষ্টিৰ শোষণৰ বাবে প্রয়োজনীয়। ইয়াৰ বাবে লিভাৰ স্বাস্থ্যকৰ হোৱাটো বাধ্যতামূলক।
১. বেৰি
ইয়াত এন্টিঅক্সিডেন্ট আছে, যাক পলিফেনলছ বোলে। পলিফেনলে যকৃতক ক্ষতিৰ পৰা ৰক্ষা কৰে। বেৰিয়েও প্রতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।
২. কফি
কফিয়ে ফেটি লিভাৰ ৰোগৰ পৰা লিভাৰক ৰক্ষা কৰে। ইয়াৰ উপৰি কফি খালে লিভাৰ কেন্সাৰৰ সম্ভাৱনা হ্রাস কৰে। কফিয়ে প্রদাহ হ্রাস কৰে।
৩. গ্রীন-টি
ৱর্ল্ড জার্নাল অব গেস্ট্রোএন্টাৰ’লজিত প্রকাশিত এটি গৱেষণা অনুসৰি, গ্রিন টিয়ে ফেট কমায়। লগতে গ্রিন টি খালে অক্সিডেটিভ স্ট্রেছৰ পৰা মুক্তি দিয়ে।
৪. নহৰু
এডভান্সড বায়োমেডিকেল ৰিছার্চ জার্নালত প্রকাশিত এটি গৱেষণাযত দেখা গৈছে যে এনএএফএলডি আক্রান্ত ব্যক্তিসকলৰ বাবে নহৰু উপকাৰী। ইয়াৰ ফলত ওজন কমে। নহৰু লিভাৰৰ একপ্ৰকাৰ ঔষধ।
৫. জলফাই তেল
অতিৰিক্ত ফেট লিভাৰৰ বাবে ক্ষতিকাৰক। ইয়াৰ বাবে জলফাই তেল বা অলিভ অয়ল ব্যৱহাৰ কৰক। জলফাই তেলে অক্সিডেটিভ স্ট্রেছ হ্রাস কৰে আৰু লিভাৰৰ কার্যকাৰিতা উন্নত কৰে।
৬. ওটমিল
ইয়াত ফাইবাৰ আৰু বিটা গ্লুকোজ আছে। ই ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখে। ইয়াৰ উপৰি লিভাৰত থকা ফেট হ্রাস কৰে। ই লিভাৰক সুৰক্ষিত ৰাখে।