স্বাস্থ্য প্ৰতিবেদন:
এফালে যেনেকৈ সামগ্ৰ বিশ্বজুৰি কোভিড-১৯ ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে ভেকচিন আৱিষ্কাৰ আৰু তাৰ ট্রায়েলৰ কাম চলিছে, আনফালে আকৌ আন এটি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে সমগ্ৰ বিশ্বৰ চিকিৎসক তথা বিজ্ঞানীসকলে।
মানৱ শৰীৰৰ আভ্যন্তৰীণ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ ওপৰত জোৰ দিছে তেওঁলোকে। কিয়নো, কৰোনা ভাইৰাছ শৰীৰত প্রবেশৰ পিছত সকলোতকৈ আগতে ৰোগ প্রতিৰোধী প্রোটিনবোৰ ভাঙি দিয়ে। ফলত যিসকলৰ শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতা বেছি তেওঁলোকে সহজতেই যুঁজ দিব পাৰে এই ভাইৰাছৰ সৈতে, সুস্থ হৈ উঠোতেও তেওঁলোকৰ বেছি সময় নালাগে।
কিন্তু যিসকলৰ শৰীৰত ৰোগ প্রতিৰোধী ক্ষমতা সিমান শক্তিশালী নহয়, তেওঁলোকক সহজতেই কাবু কৰি পেলায় এই ভাইৰাছৰ সংক্রমণে। এই লক্ষ্যত চিকিৎসক তথা বিজ্ঞানীসকলে বিভিন্ন ভেষজ উপাদানৰ কৃতিত্ব লৈ কাম কৰিছে সমগ্ৰ বিশ্বজুৰি। পোহৰলৈ আহিছে কেনাবিছৰ চমৎকাৰিত্বৰ কথাও।
কিন্তু সেই সেই সকলো পৰ্যায় অতিক্ৰমি এইবাৰ নর্থ কেৰোলিনা ষ্টেট ইউনিভাৰ্ছিটিৰ এদল গৱেষকে দাবী কৰিছে যে কৰোনা ভাইৰাছৰ সংক্রমণ ৰুধিবলৈ আৰু শৰীৰত ৰোগ প্রতিৰোধী শক্তিক শক্তিশালী কৰি তুলিবলৈ সহায় কৰিব পাৰে গ্রিন টি আৰু ডার্ক চকলেটে। ইয়াৰ উপৰি বিশেষ কিছু প্রজাতিৰ আঙুৰৰ কথাও উল্লেখ কৰিছে তেওঁলোকে।
দীর্ঘ দিন ধৰি পৰিচালিত এই গৱেষণাৰ সৈতে জড়িত চিকিৎসক তথা বিজ্ঞানীসকলে জনাইছে যে গ্রিন টি আৰু ডার্ক চকলেটত আছে এন্টি-ইনফ্লেমেটৰি, এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ভাইৰেল ফাইটোনিউট্রিয়েন্টছ। যিয়ে উচ্চ ৰক্তচাপক নিয়ন্ত্রণত ৰাখি শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতা বৃদ্ধি কৰে।
ফ্রন্টিয়াৰ জার্নেলত প্রকাশিত এই সমীক্ষাই জনাইছে যে এনে ধৰণৰ ফাইটোনিউটৰিয়েন্টছ সৰবৰাহ কৰে গ্রিন টি, কোকো পাউডাৰ, ডার্ক চকলেট আৰু মুছাডিন প্রজাতিৰ বিশেষ দুই প্ৰকাৰৰ আঙুৰে।
দীর্ঘ দিন ধৰি সমীক্ষা পৰিচালনাৰ পিছত নর্থ কেৰোলিনা ষ্টেট ইউনিভাৰ্ছিটিৰ এই চিকিৎসক আৰু গবেষকসকলে এই সিদ্ধান্তত উপনীত হৈছে যে এইবোৰ নিয়মিত খালে শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতা বৃদ্ধি হ’ব যিয়ে কোভিড-১৯ ভাইৰাছৰ সৈতে যুঁজাৰ বাবে শৰীৰক প্রস্তুত ৰাখিব।
প্রসঙ্গত উল্লেখ্য, ইয়াৰ আগতে প্রকাশিত বিভিন্ন সমীক্ষাতো উল্লেখ কৰিছিল যে কেৱল ৰোগ প্রতিৰোধী ক্ষমতা কম হোৱাৰ বাবেই বিশ্বৰ যুৱ সম্প্রদায়ৰ বহুতৰেই মৃত্যু হৈছে কৰোনাৰ কবলত!