স্বাস্থ্য প্ৰতিবেদন:
জটিলৰ পৰা জটিল ৰোগৰ চিকিৎসাৰ ঔষধ লাভ কৰিব আমাৰ পাকঘৰতে। ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা মচলাতেই আছে বিভিন্ন ৰোগ প্রতিৰোধ কৰাৰ ক্ষমতা। তাৰে ভিতৰত এবিধ হ’ল জিৰা৷ জিৰাই কমাব পাৰে দেহৰ ওজন আৰু আঁতৰাব পাৰে লিভাৰৰ ব্যাধি।
আহক জানি লওঁ জিৰাৰ উপকাৰিতা :
জিৰাত যথেষ্ট পৰিমাণে মেগনেছিয়াম, কেলছিয়াম আৰু ভিটামিন ডি আছে। যিকোনো ধৰণৰ কেন্সাৰ সম্ভাৱনা কমাবলৈও জিৰাৰ প্ৰতিদ্বন্দ্বী নাই। জিৰা পানীত গোটেই ৰাতি ভিজাই ৰাখি, সিদ্ধ কৰি সেই সিদ্ধ পানীত নেমু মিহলাই খাব পাৰে। তাৰ ফলত হজম শক্তি বাঢ়ে আৰু লগতে দেহৰ অপ্রয়োজনীয় ফেট কমি যায়।
জিৰা ভিজোৱা পানী প্রতিদিনে পুৱা খালী পেটত খালে প্রাকৃতিকভাবে আপোনাৰ চৰ্বী কমাত সহায় কৰে আৰু আপোনাৰ শৰীৰৰ মেটাবলিজিম বৃদ্ধি পায়৷ যিয়ে কার্বহাইড্ৰেট বা ফেট বার্ন হোৱাত সহায় কৰি থাকে৷ শৰীৰৰ পৰা টক্সিন দূৰ কৰে জিৰা ভিজোৱা পানীয়ে৷
লিভাৰক সুস্থ ৰখাত সহায় কৰে জিৰাই৷ শৰীৰৰ ক্ষতিকাৰক ট্রাইগ্লিছাৰাইড নিয়ন্ত্রিত থাকে জিৰাৰ বাবে। ইয়াৰ উপৰি ছালৰ সমস্যা, বয়সৰ চাপ নোহোৱা কৰে আৰু ব্রণ দূৰ কৰাৰ কামতো লাগে জিৰা। চুলিৰ সমস্যা, মধুমেহ ৰোগ, ৰক্তহীনতা দূৰ কৰি কর্মক্ষমতা বৃদ্ধি কৰে এইবিধ পাকঘৰৰ মচলাই।