স্বাস্থ্য প্ৰতিবেদন:
কিডনিত ষ্টন বা পাথৰ বৰ্তমান এক অতি পৰিচিত ৰোগ। ভুল খাদ্য খোৱা আৰু কম পানী সেৱনৰ বাবেই বেছিভাগ ক্ষেত্রত এই সমস্যা হয়। বহু ক্ষেত্রত পাথৰ জমা হ’লেও যন্ত্রণা নহয় বাবে চিকিৎসাৰ পৰা ফালৰি কাটি থকা হয়। পাথৰে যেতিয়া ডাঙৰ আকাৰ ধাৰণ কৰে তেতিয়া প্ৰস্ৰাৱত বাধাৰ সৃষ্টি কৰে আৰু অসহ্য যন্ত্রণা হয়। কিডনিত পাথৰ হৈছেনে নাই সেয়া লক্ষণত প্রকাশ পায়। কিছু ঘৰুৱা প্রতিকাৰো আছে ইয়াৰ।
লক্ষণ:
১) পাকস্থলীৰ ওচৰত পেট অথবা পিঠিত অসহ্য বিষ।
২) বিষ নকমি বৃদ্ধি পোৱা।
৩) প্ৰস্ৰাৱৰ সৈতে তেজ যোৱা।
৪) বমি হোৱা অথবা বমি ভাব৷
৫) প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা অনুভৱ৷
প্রতিকাৰ
১) গম গছৰ পৰা উলিওৱা ৰসে কিডনিৰ পাথৰ দূৰ কৰাত উত্তমভাবে কাম কৰে। ইয়াত থকা এন্টি-অক্সিডেণ্টে মূত্রনলীত জমা হোৱা কেলচিয়ামকো পৰিষ্কাৰ কৰে।
২) তুলসী পাতত এনে উপাদান আছে যিয়ে শৰীৰত থকা ইউৰিক এচিডৰ পৰিমাণত ভাৰসাম্য ৰক্ষা কৰে। ইয়াৰ ফলত কিডনিত পাথৰ জমা হ’ব নোৱাৰে। ইয়াত থকা এচিটিক এচিডে পাথৰ গলাই দিয়ে। প্রতিদিনে এক চাহ চামুচ তুলসী পাতৰ ৰস কিডনিৰ পাথৰৰ বাবে ব্রহ্মাস্ত্র।
৩) নেমুত থকা চাইট্রেটে মূত্রনলীত জমা হোৱা কেলচিয়াম দূৰ কৰি পাথৰ সৃষ্টিৰ প্রক্রিয়াক বাধা দিয়ে। নেমু দুই প্ৰকাৰে খাব পাৰে- খোৱাৰ পিছত চৰবত বনাই অথবা দৈনন্দিন খাদ্যৰ লগত।
ইয়াৰ উপৰি প্রচুৰ পৰিমাণে পোনা খাবলগা কথাটো আমি প্ৰায় সকলোৱে জানো। স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।