নিউজ ডেস্কঃ
ন্যায়াধীশ এনভি ৰমনা দেশৰ পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাবে নির্বাচিত হৈছে। মুখ্য ন্যায়াধীশ এছএ বোবডেই এনভি ৰমনাৰ নামটো কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল, য’ত ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে অনুমোদন কৰে। গতিকে ২৩ এপ্রিলত ন্যায়াধীশ বোবডেই অৱসৰ লোৱাৰ পিছত ২৪ এপ্রিলত এনভি ৰমনাই পৰৱর্তী মুখ্য ন্যায়াধীশ হিচাবে শপত ল’ব। অৱশ্যে এনভি ৰমনা বেছি দিন এই পদত নাথাকিব৷ কাৰণ তেওঁ অৱসৰ ল’বলৈ দুবছৰৰো কম সময় বাকী আছে৷ তেওঁ ২০২২ চনৰ ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰিব।
উল্লেখ্য, যোৱা বছৰ আইন মন্ত্রণালয়ে ছুপ্রিম কোর্ট আৰু হাইকোর্টৰ ন্যায়াধীশসকলৰ বেতন প্রায় ২০০ শতাংশ বৃদ্ধি কৰিছিল। এই বৃদ্ধিৰ পিছত বৰ্তমান মুখ্য ন্যায়াধীশৰ বেতন প্রতি মাহত ২,৮০,০০০ টকা হৈছে। ইয়াৰ পূৰ্বে মুখ্য ন্যায়াধীশসকলৰ বেতন আছিল প্রতি মাহত এক লাখ টকা। সেয়ে নতুন ন্যায়াধীশ ৰমনাই প্রতিমাহত ২,৮০,০০০ টকা দৰমহা লাভ কৰিব।