লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ লংকাৰ ২নং পিপল পুখুৰীৰ ডালমিয়া চিমেন্ট কাৰখানাৰ চৌহদত অগ্নিকাণ্ড । যোৱা কালি নিশা চিমেন্ট উৎপাদন কেন্দ্ৰৰ চৌহদৰ চেগুণ বাগানত অগ্নিকাণ্ডৰ সূত্ৰপাত । জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰে সম্পূৰ্ণ বাগানখন। ৩ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ তৎপৰতাত জুই নিৰ্বাপনৰ চেষ্টা । এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰা চিমেন্ট ফেক্টৰীসহ কাষৰীয়া বৃহত্তৰ জনবসতি এলেকা লগতে দোকানসমূহ । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমান জানিব পৰা পোৱা নাই।