নিউজ ডেস্কঃ
ডিফু : বকলীয়াঘাটত আজি দুপৰীয়াৰ ভাগত এক ভয়াবহ পথ দুর্ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি, আজি দিনৰ প্রায় এক বজাত ডিফুৰ দিশৰ পৰা তীব্রবেগেৰে আহি থকা এএছ-০৯-এফ-৮৮৭৪ নম্বৰৰ ডাষ্টাৰ বাহনখনে বকলীয়াঘাট প্রাথমিক চিকিৎসালয়ৰ সমীপত ৩৬ নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত থকা স্বাস্থ্য বিভাগৰ চাইন ব’ৰ্ডত থকা এটা খুঁটা মহতীয়াই নি পথৰ দাঁতিত থকা মজলীয়া আকৃতিৰ এজোপা নিমগছত খুন্দা মাৰে। বাহনখনৰ খুন্দাত গছজোপা গুৰিৰে সৈতে উভালি পৰাৰ লগতে ইয়াৰ আধা অংশ সম্পূর্ণৰূপে ছিঙি গৈ প্রায় পােন্ধৰ ফুট দুৰৈত
ছিটিকি পৰে।
ইয়াৰ পিছত বাহনখনে অন্য এজোপা গছতো খুন্দা মাৰে। দুর্ঘটনাটোৰ ফলত বাহন ভাঙি-ছিঙি চূৰ্মাৰ হয় যদিও বাহনখনৰ দুজন আৰোহী সামান্য পৰিমাণে দুর্ঘটনাৰ ফলত আঘাতপ্রাপ্ত হয়। আহত লোক দুজন ক্রমে লাংহিনৰ সত্যনাথ বসুমতাৰী(৫৯) আৰু লখিমাই বসুমতাৰী (৫২) বুলি জানিব পৰা গৈছে।