![]()
নগাঁও : মহামাৰী কৰ’নাৰ দ্বিতীয় প্ৰলয়ে অসমত কালৰূপ ধাৰণ কৰাক লৈ জনসাধাৰণ শংকিত হৈ পৰাৰ সময়তে নগাঁৱত কৰ’নাত আক্ৰান্ত হৈ এজন লোক মৃত্যুৰ মুখত পৰাৰ বাতৰিয়ে জিলাখনৰ জনসাধাৰণক আতংকিত কৰি তুলিছে । কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজনৰ নাম মেঘৰাজ কোঠাৰি (৭৮)। নগাওঁ চহৰৰ কোঠাৰি ব্ৰাদাচ নামৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী মেঘৰাজ কোঠাৰি ৩০ মাৰ্চত কৰ’নাত আক্ৰান্ত হয়।আনহাতে মেঘৰাজ কোঠাৰিৰ উপৰি তেওঁৰ পুত্ৰ বিজয় কোঠাৰি আৰু বিজয় কোঠাৰিৰ পত্নী গুঞ্জ কোঠাৰি কৰ’নাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, কৰ’নাত আক্ৰান্ত মেঘৰাজ কোঠাৰিক গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত চিকিৎসাধীন অৱস্হাত তেওঁ মৃত্যুক সাৱটি লয়। ইপিনে নগাঁৱত আজি পুনৰ ৪ জন লোকৰ দেহত মাৰাত্মক কোভিড ১৯ৰ উপস্থিতি ধৰা পৰে । শেহতীয়াকৈ কৰ’নাত আক্ৰান্ত হোৱা লোককেইজন হৈছে- তেলিয়াপট্টিৰ মিলন উপাধ্যায় আৰু গীতনাথ পেকুৰেল, বিষ্ণু নগৰৰ গৌৰাংগ সেন আৰু দিলীপ পাওঁৰেল। কোভিড আক্ৰান্ত চাৰিজন লোক বৰ্তমান হোম কোৱাৰেণ্টীনত থকা বুলি জানিব পৰা গৈছে । কৰ’নাৰ দ্বিতীয়টো ঢৌ সম্প্ৰসাৰণ হোৱাৰ লগে লগে ৰাজ্যখনৰ আন জিলাৰ লগতে নগাঁও জিলাতো কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰে। কোভিডৰ দ্বিতীয় ঢৌ নিয়ন্ত্ৰণ কৰিবৰ বাবে জিলা স্বাস্থ্য বিভাগ তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । জিলা স্বাস্থ্য বিভাগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হস্পিতালত কোভিড আক্ৰান্তক চিকিৎসা কৰাৰ বাবে ১২০খন বিচনা সাজু কৰি তুলিছে।
আনহাতে কালিও এটি তিনি বছৰীয়া শিশুকে ধৰি পাঁচজন লোক কোভিডত আক্ৰান্ত হয়।কোভিডত আক্ৰান্ত লোক কেইজন হৈছে নগাঁও চহৰৰ সমীপৰ মৰিকলং বৰঘাটৰ তানিশা হাজৰিকা(৩), তিলোত্তমা হাজৰিকা(৬৫) আৰু প্ৰীতি নয়ণা হাজৰিকা (৭)। কোভিডত আক্ৰান্ত শিশুসহ এই তিনিগৰাকী একেটা পৰিয়ালৰ সদস্য । আনহাতে, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কৰ্মচাৰী দীপক দাস(৩২) কৰ’নাত আক্ৰান্ত হয়। দাসৰ ঘৰ নগাঁৱৰ ৰাইদঙীয়াত। ইপিনে, জিলাখনৰ শালনা চাহ বাগিচাৰ আনিশা মহন্ত(৩৩) কৰোণাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। আনিশা বেংগালুৰৰ এটা কোম্পানীত কৰ্মৰত হৈ আছে।
কালি বিমান যোগে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বিমানবন্দত অৱতৰণ কৰাৰ পিছত আনিশা নিজৰ ঘৰলৈ আহে। কালিৰে পৰা নিজ গৃহতে কিছু অসুস্থ অনুভৱ কৰাত আজি পুৱা স্থানীয় চিমনাবস্তি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোভিড টেষ্ট কৰোৱাত তেওঁৰ শৰীৰত কোভিডৰ উপস্থিতি ধৰা পৰে। বৰ্তমান তেওঁ নগাঁও অসামৰিক চিকিৎসালয়ৰ কোভিড হস্পিতালত চিকিৎসাধীন হৈ আছে। আনহাতে তেওঁৰ পৰিয়ালৰ আন তিনিজনৰ কোভিড টেষ্ট কৰা হৈছিল যদিও ফলাফল নেগেটিভ আহে বুলি জানিব পৰা গৈছে ।













