![]()
মানাহ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত এক শোকাৱহ ঘটনাত প্ৰাণ হেৰুৱায় এজনে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জত উন্মত্ত গঁড়ৰ আক্ৰমণত প্ৰাণ হেৰুৱায় অনিমেশ ডেকা নামৰ এগৰাকী ফৰেষ্ট বেটেলিয়ন জোৱানে৷ গঁড়ৰ আক্ৰমণত নিহত বেটেলিয়নজনৰ ঘৰ বজালী জিলাৰ ভৱানীপুৰৰ ডেকাপাৰাত৷
উল্লেখ্য, তিনিমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল অনিমেশ ডেকা৷ প্ৰাপ্ত খবৰ মতে, আজি পুৱাৰ ভাগত ভূঞাপাৰা ৰেঞ্জৰ টেকলাই বন শিবিৰৰ পৰা দুগৰাকী সতীৰ্থৰ সৈতে দুখন বাইকেৰে বজাৰলৈ ওলাই আহিছিল অনিমেশ ডেকা৷ সেই সময়তে হাবিৰ পৰা ওলাই অহা এটা উন্মত্ত গঁড়ে হঠাৎ আক্ৰমণ কৰে অনিমেশ ডেকাই চলাই অহা বাইকখনত৷ আক্ৰমণৰ পৰা বাচিবলৈ অনিমেশ ডেকাই বাইক পেলাই দৌৰি পলাব বিচাৰিলেও ইতিমধ্যে উন্মত্ত গঁড়টোৱে কৰা উপৰ্যুপৰি আক্ৰমণত শৰীৰৰ বিভিন্ন স্থানত গুৰুতৰভাৱে আঘাত পায়৷ ফলত ঘটনাস্থলীতে কৰুণ মৃত্যুক আঁকোৱালি ল’বলগা হয় অনিমেশ ডেকাই৷
গঁড়টোৱে আক্ৰমণ কৰি থকা অৱস্থাত অনিমেশৰ দুগৰাকী সহকৰ্মীয়ে গুলীচালনা কৰি গঁড়টো খেদিবলৈ চেষ্টা কৰে যদিও বিফল হয়৷ পিছত তেওঁলোকে ঘটনা সন্দৰ্ভত বন বিভাগৰ উচ্চপদস্থ বিষয়াক খবৰ দিয়ে৷ ঘটনাৰ খবৰ পাই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু অনিমেশৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে৷
জানিব পৰা মতে, মাত্ৰ ৩ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল অনিমেশ ডেকা৷ অনিমেশৰ অকাল মৃত্যুত ঘৰখনৰ লগতে তেওঁৰ জন্মস্থানত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷













