অজন্তা তালুকদাৰ
বোকাখাত : কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ, চমুকৈ চি ডব্লিউ আৰ চি-ত দুটা বছৰে প্ৰতিপালিত হৈ থকা তিনিটা গঁড় পোৱালী যোৱা ৯ এপ্ৰিলত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয় ৷ ২০১৯ চনৰ বানপানীৰ সময়ত কাজিৰঙাৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰি অনা মাতৃহাৰা গঁড় পোৱালী তিনিটাক বিগত সময়চোৱাত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ডাঙৰ কৰা হয় ৷
তিনিওটা পোৱালীৰ বয়স দুবছৰৰ উৰ্ধত ৷ তিনিওটা গঁড় পোৱালীৰে স্বাস্থ্য পৰীক্ষাৰ পাছত টেগ সংস্থাপন কৰা হয় ৷ জানিব পৰা মতে পিঞ্জৰাবদ্ধ কৰি তিনিখন ট্ৰাকত উঠাই মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰৰণ কৰা গঁড় পোৱালী তিনিটা ১০ এপ্ৰিলত পুৱা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁশবাৰী বনাঞ্চল পাবগৈ ৷ ইতিমধ্যে পশু চিকিৎসকৰ এটা দল আৰু উচ্চ পদস্থ বন বিষয়াৰ এটা দলে গঁড় পোৱালী কেইটাৰ লগত মানাহলৈ যাত্ৰা কৰিছে ৷ গঁড়ৰ পৰিবাহী দলটোত আছে চি ডব্লিউ আৰ চি-ৰ ডাঃ ভাস্কৰ চৌধুৰী, ডাঃ চামচুল আলি, ডাঃ দাওহাৰু বড়োৰ লগতে ৩ জন কীপাৰ ৷ মানাহৰ বাশঁবাৰী বনাঞ্চলত নিৰ্মাণ কৰা ব’মাত গঁড় পোৱালী কেইটাক মুকলি কৰা হ’ব ৷ পৰ্যায়ক্ৰমে পোৱালী কেইটাক মানাহৰ পৰিৱেশৰ লগত খাপ খোৱাৰ প্ৰচেষ্টা কৰাৰ পাছত গভীৰ অৰণ্যৰ মাজত এৰি দিব ৷
উল্লেখ্য যে বিগত সময়চোৱাত কাজিৰঙাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ মুঠ ১৯টা গঁড় প্ৰেৰণ কৰা হৈছে ৷ আজি প্ৰেৰণ কৰা তিনিটা গঁড়ৰ সৈতে মানাহত কাজিৰঙাৰ পৰা যোৱা গঁড়ৰ সংখ্যা হল ২২টা৷ সম্প্ৰতি মানাহত গঁড়ৰ জনসংখ্যা হ’ল গৈ ৪০টা ৷