অজন্তা তালুকদাৰ
বোকাখাত : গোলাঘাট পশ্চিম শিক্ষা খণ্ডৰ অধীনৰ বিদ্যালয় সমুহৰ মাজত যোৱা ৯ এপ্ৰিলত বোকাখাত হিন্দী হাইস্কুলত অনুষ্ঠিত হোৱা স্পেল বি প্ৰতিযোগিতাত ইংৰাজী বিভাগত উচ্চ শাখাত নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ক্ৰমে সুমিত তাঁতী আৰু ৰাজ কছাৰীয়ে ১ম আৰু ৩ য় স্থান লাভ কৰিবলৈ সক্ষম হয় ।
একেদৰে নিম্ন শাখাত নেহা তাঁতীয়ে ২য় স্থান লাভ কৰে। হিন্দী বিভাগত উচ্চ শাখাত ৰাখী তাঁতীয়ে দ্বিতীয় স্থান আৰু একেদৰে নিম্ন শাখাত টনু গোৱালাই প্ৰথম আৰু ৰাজেশ কানুয়ে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা ছজন ছাত্ৰ ছাত্ৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে বিদ্যালয় কতৃপক্ষৰ লগতে স্থানীয় দল সংগঠনে।