ষ্টাফ ৰিপ’ৰ্টাৰ
পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু। বিগত বছৰত অসমবাসী ৰঙালী বিহু উদযাপনৰ পৰা বঞ্চিত হৈছিল কোভিডৰ বাবে। এই বছৰ সকলোৱে কঁকালত বান্ধি সাজু হৈছে ৰঙালী বিহু উদযাপনৰ বাবে। কিন্তু শেহতীয়াভাৱে বৃদ্ধি পাই অহা কৰোনাৰ সংক্ৰমণৰ বাবে এই আশাত এক প্ৰকাৰৰ চেঁচা পানী পৰিবলৈ আগবাঢ়িছে। অৱশ্যে সুখৰ বিষয়, চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ বাধা-নিষেধ আৰোপ কৰা হোৱা নাই। অৱশ্যে প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে কিছু নীতি-নিৰ্দেশনা।
সেই মতে নিশা ১১ বজাৰ পিছত অনুষ্ঠিত কৰিব নোৱাৰিব বিহুৰ কোনো অনুষ্ঠান। বিহু উদযাপন কমিটিৰ লগত জড়িত সকলোৱে কোভিড পৰীক্ষা কৰাটো হ’ব বাধ্যতামূলক। বিহু আয়োজক সমিতিৰসমূহৰ বিষয়ববীয়া, স্বেচ্ছাসেৱকে কাৰ্যসূচীৰ তিনিদিনৰ পূৰ্বে কৰিব লাগিব কোভিড পৰীক্ষা।
বিহুতলি, মঞ্চৰ সকলো দিশ মুকলি হৈ থকাৰ লগতে সামাজিক দূৰত্ব মানি চলিব পৰাকৈ আহল-বহল হ’ব লাগিব মঞ্চ।
একেদৰে প্ৰৱেশ-প্ৰস্থানৰ সুকীয়া পথ থাকিব লাগিব বিহুস্থলিত। অধিক জনসমাগ যাতে নহয় তাৰ ওপৰত দিব লাগিব গুৰুত্ব।
আনহাতে বিহুত অংশগ্ৰহণকাৰী প্ৰতিযোগীৰ বাবেও আছে স্বাস্থ্য বিভাগৰ গুৰুত্বপুৰ্ণ নিৰ্দেশনা। সেই অনুসৰি প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীৰ দেহৰ উষ্ণতা, স্কেনিঙ ব্যৱস্থা কৰিব লাগিব। কোনো প্ৰতিযোগীৰ যদি শৰীৰৰ উষ্ণতা বৃদ্ধি হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ ভিত্তিত অংশগ্ৰহণ কৰিব পাৰিব।
সামাজিক দূৰত্ব বৰ্তাই ৰাখি দৰ্শক বহা ব্যৱস্থা কৰিবলৈ নিৰ্দেশ স্বাস্থ্য বিভাগৰ। দৰ্শকৰ সামাজিক দূৰত্ব বৰ্তাই ৰখা বাবে অধিক স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব। মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক।
প্ৰৱেশ পথ, পাৰ্কিংস্থলীত হেণ্ড চেনিটাইজাৰ ৰখাটো বাধ্যতামূলক। একেদৰে প্ৰতিদিনে বিহু মঞ্চ তথা দৰ্শক বহাস্থলীত স্বাস্থ্য বিধি মানি চেনিটাইজিঙৰ ব্যৱস্থা কৰাটো জৰুৰী।