ছাইদুল ইছলাম
ডিফু : সদৌ কাৰ্বি আংলং জিলা ছাত্র সন্থাৰ উদ্যোগত অহা ১৪ আৰু ১৫ বহাগ (২৮-২৯ এপ্রিল)ত দুদিনীয়া বর্ণাঢ্য কার্যসূচীৰে বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ত্রয়োদশ বার্ষিক বসন্ত উৎসৱৰ লগতে সদৌ কার্বি আংলং জিলা ছাত্র সন্থাৰ সাধাৰণ অধিৱেশনখনো উদ্যাপনৰ ব্যাপক প্রস্তুতি চলোৱা হৈছে।
অনুষ্ঠানৰ প্রথম দিনৰ কার্যসূচী অনুসৰি পুৱা আদৰণি সমিতিৰ সভাপতি কামছিং হাঞ্চেই বিহু ধ্বজা আৰু সদৌ কার্বি আংলং জিলা ছাত্র সন্থাৰ সভাপতি ভৱজ্যোতি বৰাই সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলনেৰে কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ আদি কার্যসূচীৰ পিছত বিভিন্ন পৰস্পৰাগত খেল-ধেমালিৰ প্রতিযোগিতা অনুষ্ঠিত কৰা হ’ব। পুৱাৰ পৰাই সদৌ কার্বি আংলং জিলা ছাত্র সন্থাৰ প্রতিনিধি সভা অনুষ্ঠিত কৰা হ’ব। বিয়লি দুই বজাৰ পৰা সদৌ অসম ভিত্তিত সৰু বিহুৱতী, বৰ বিহুবতী আদি প্রতিযোগিতা অনুষ্ঠিত কৰা হ’ব।
দ্বিতীয় দিনাৰ কার্যসূচী অনুসৰি পুৱাৰ ভাগত বিভিন্ন প্রতিযোগিতাৰে কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত বিয়লি চাৰি বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচার্য, সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। সভাখনৰ শুভ উদ্বোধন কৰিব কার্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্রছিংক্রৱে। অনুষ্ঠান সম্পর্কীয় যিকোনো তথ্যৰ বাবে ৯৯৫৭৪৪৪১৩৪ অথবা ৮০১১৯৮৭৬৪৯ নম্বৰত যোগাযোগ কৰিবলৈ জনোৱা হৈছে।