ষ্টাফ ৰিপ’ৰ্টাৰ
অসম বিধানসভাৰ ফলাফললৈ আৰু মাজত তিনি সপ্তাহমান বাকী৷ তাৰ মাজতে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে গ্ৰহণ কৰিছে বিশেষ পন্থা৷ নিৰ্বাচনৰ ফলাফলৰ পিছত বিধায়ক ক্ৰয়-বিক্ৰয়ৰ সম্ভাৱনীয়তাক আগতীয়াকৈ অনুধাৱন কৰি মহাজোঁটৰ প্ৰাৰ্থীসকলক বহিঃৰাজ্যৰ কোনো সুৰক্ষিত স্থানত গোপনে ৰখাৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা৷ ইয়াৰে অংশ হিচাপে ইতিমধ্যে এইআইইউডিএফৰ ২২জন প্ৰাৰ্থীক প্ৰেৰণ কৰা হৈছে ৰাজস্থানলৈ৷ বিটিচিৰ পৰিষদীয় নির্বাচনৰ পৰা শিক্ষা লৈয়ে এই অংক মহাজোঁটে কৰা বুলি অনুমান কৰা হৈছে। ফলাফল ঘোষণাৰ পূৰ্বে যাতে মহাজোঁটৰ কোনো প্ৰাৰ্থীক অন্য ৰাজনৈতিক দলে ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে আগতীয়া সচেতনতা অৱলম্বন কৰিছে মহাজোঁটৰ অংশীদাৰ দলসমূহে।
এআইইউডিএফে নিজৰ প্ৰাৰ্থীসকলক বহিঃৰাজ্যলৈ প্ৰেৰণৰ পিছত আজি বিয়লিৰ পৰা পৰ্যায়ক্ৰমে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলকো অসমৰ পৰা বাহিৰলৈ প্ৰেৰণৰ কাম আৰম্ভ কৰিছে।
আনহাতে, মহাজোঁটৰ অংশীদাৰ বিপিএফৰ প্ৰাৰ্থীসকলক দলৰ নেতৃত্বই কোকৰাঝাৰলৈ টলব কৰিছে। দুই-এদিনতে তেওঁলোককো বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হ’ব বুলি বিশ্বস্ত সূত্ৰে প্ৰকাশ।