স্বাস্থ্য প্ৰতিবেদন:
তেজপাত এনে এবিধ বস্তু যাক ৰন্ধনত ব্যৱহাৰ কৰাৰ লগে লগে সুন্দৰ এক গোন্ধ বিয়পি পৰে। সুগন্ধৰ উপৰি তেজপাতে ৰন্ধনত স্বাদ আনে। ইয়াৰ উপৰি তেজপাতৰ বহু উপকাৰিতা আছে। বিভিন্ন ৰোগ প্রতিৰোধতো তেজপাত খুবেই উপকাৰী। কিন্তু কেৱল খোৱাই নহয় তেজপাত পুৰিলেও তাৰ বহু উপকাৰিতা আছে। বহুতেই হয়তো নাজানে তেজপাতৰ বিস্ময়কৰ সেই উপকাৰিতাৰ বিষয়ে।
আয়ুর্বেদত কোৱা হয় যে তেজপাত কেৱল খোৱাই নহয় পুৰিলেও বহু উপকাৰিতা পোৱা যায়। ‘হেলদি ফুড ট্রিকছ’ত সম্প্রতি তেজপাতৰ বিষয়ে কিছু তথ্য প্রকাশিত হৈছে। সেই তথ্যত চমকপ্রদক কিছু কথা কোৱা হৈছে।
সেই তথ্যত কোৱা হৈছে এটি ছাইদানিত কেইটামান তেজপাত লৈ ১০ মিনিট ধৰি পোৰাৰ কথা। এই তেজপাত যেতিয়া পুৰিব তেতিয়া তাৰ সৈতে অপৰিহার্য তৈল উপাদানও পোৰা যাব। ইয়াৰ পিছত তাৰ পৰা নির্গত ভেষজ গোন্ধে মনক সতেজ কৰি তুলিব। এই গোন্ধে মন আৰু শৰীৰকে যেনেদৰে প্রশমিত কৰে, তেনেদৰে ই মানসিক চাপ আৰু উদ্বেগ কমায়।
ইউৰোপৰ বিভিন্ন শাস্ত্রত কোৱা হৈছে যে প্রাচীন গ্রীক আৰু ৰোমানসকলে তেজপাতক পবিত্র ঔষধ হিচাবে গণ্য কৰিছিল। নানাবিধ সমস্যা সমাধানত তেওঁলোকে তেজপাত ব্যৱহাৰ কৰাৰ উপৰি ঔষধ হিচাপেও এই পাতৰ ব্যৱহাৰ কৰিছিল।
মচলা হিচাবে ব্যৱহাৰ কৰা এই পাত সম্পর্কে বিজ্ঞানীসকলে জনাইছে যে এই পাতত পিনেনে আৰু ছাইনিয়ল নামৰ দুটি উপাদান আছে। য’ত আছে ছাইকোএক্টিভ পদার্থ। ইয়াৰ উপৰি এই পাতত চিডেটিভ এন্টিঅক্সিডেন্ট উপাদান আছে, আছে বীজাণুনাশক আৰু ডিওৰেটিক যি যিকোনো মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী।
এই তেজপাতে পাকস্থলীৰ ফ্লু নিৰাময়ত সহায় কৰাৰ লগতে ইয়াৰ সুগন্ধিয়ে মনক সতেজ কৰে আৰু এই তেজপাতেৰে তৈয়াৰী তেলেৰে মাছাজ কৰিলে মূৰৰ বিষ কমে।