নিউজ ডেস্কঃ
কৰোনাৰ দ্বিতীয় ঢৌত শোচনীয় অৱস্থা ভাৰতত। এই পৰিস্থিতিতে আইএছচিই আৰু চিবিএছই বোর্ডৰ শিক্ষাৰ্থীসকলৰ দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা বাতিলৰ দাবী জনাইছিল বহুতে। সেয়া সম্ভৱ নহ’লে অনলাইনত পৰীক্ষাৰ পতাৰ আবেদন কৰা হৈছিল। ১ লাখৰো অধিক শিক্ষাৰ্থীয়ে এই আবেদন জনাইছিল। কিন্তু আইএছচিই আৰু চিবিএছই বোর্ডে যৌথ বিবৃতিত জনাইছে, পৰীক্ষা বাতিল কৰা সম্ভৱ নহয়। যাৱতীয় কৰোনা বিধি মানিয়েই অনুষ্ঠিত হ’ব পৰীক্ষা। ৪’ মেত পূর্বনির্ধাৰিত সূচী অনুযায়ী হ’ব পৰীক্ষা।
চিবিএছই বোর্ডৰ এজন বিষয়াই কৈছে, ‘কোভিড বিধি মানিয়েই পৰীক্ষা লোৱা হ’ব। পৰীক্ষা কেন্দ্রৰ সংখ্যা ৪০–৫০ শতাংশ বৃদ্ধি কৰা হ’ব। পৰীক্ষা কেন্দ্রত সামাজিক দূৰত্ব বিধিৰ দিশটোতো গুৰুত্ব দিয়া হ’ব। কোভিড পৰিস্থিতিত নজিৰবিহীন নিৰাপত্তাৰ মাজত অনুষ্ঠিত হ’ব পৰীক্ষা।’ এদিন পূৰ্বে শিক্ষাৰ্থীসকলৰ দাবীৰ সৈতে সুৰ মিলাই কংগ্রেছৰ সাধাৰণ সম্পাদক প্রিয়াঙ্কা গান্ধী বদ্ৰাই কৈছিল, ‘এই পৰিস্থিতিত শিক্ষাৰ্থীসকলক পৰীক্ষাত বহিবলৈ হেঁচা প্ৰয়োগ কৰা উচিত নহয়। হয় পৰীক্ষা বাতিল হওক, নহ’লে অনলাইনত হওক পৰীক্ষা। পৰীক্ষা কেন্দ্রত শিক্ষাৰ্থীৰ ভিৰে সংক্রমণ বৃদ্ধি কৰিব পাৰে।’ কিন্তু বাস্তৱত সেয়া কামত নাহিল। নির্দিষ্ট সময়তেই পৰীক্ষা অনুষ্ঠিত কৰা কথা জনাই দেলে আইএছচিই আৰু চিবিএছই বোৰ্ডে।