নিউজ ডেস্কঃ
কৰোনা টীকাৰ সলনি জলাতঙ্কৰ টীকা দিয়াৰ অভিযোগ উঠিল উত্তৰ প্রদেশৰ চামেলিত। বৃহস্পতিবাৰে চামেলিৰ এটি স্বাস্থ্যকেন্দ্রত টীকাকৰণ কাৰ্যসূচী হৈছিল। তাত টীকা ল’বলৈ গৈছিল সৰোজ নামৰ সত্তৰ বছৰীয়া এগৰাকী বৃদ্ধা। টীকা দিয়াৰ পিছতেই তেওঁ শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰে৷ অস্বস্তি ক্ৰমে বৃদ্ধি পাবলৈ আৰম্ভ কৰাত তেওঁক পৰিয়ালৰ লোকসকলে হস্পিটেললৈ লৈ যায়। তাত চিকিৎসকে তেওঁৰ শাৰীৰিক পৰীক্ষা কৰে। ইয়াৰ পিছতেই স্বাস্থ্যকেন্দ্রৰ পৰা দিয়া প্রেছক্রিপচন পৰীক্ষা কৰি চোৱাৰ পিছত চিকিৎসকসকলে দাবী কৰে যে কোভিড টীকাৰ সলনি তেওঁক দিয়া হৈছে জলাতঙ্কৰ টীকা।
ইয়াৰ পিছত দেখা যায় আৰু দুগৰাকী বৃদ্ধা আনাৰকলি (৭২) আৰু সত্যৱতী (৬২)ৰ প্রেছক্রিপচনতো একেই কথা লিখা হৈছে। বিষয়টো পোহৰলৈ অহাৰ লগে লগেই হুলস্থূল লাগি পৰে। স্বাস্থ্যকেন্দ্রটোৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ তোলে বৃদ্ধাকেইগৰাকীৰ পৰিয়ালে। জিলা মুখ্য স্বাস্থ্য বিষয়া (চিএমও) সঞ্জয় আগৰৱালাই জনোৱা মতে, স্বাস্থ্যকেন্দ্রটোৰ ওপৰত আৰু তলৰ মহলাত টীকাকৰণ কাৰৌযসূচী চলিছিল। তাৰে এটিত কোভিডৰ টীকা দিয়া হৈছিল। অন্যটিত চলিছিল জলাতঙ্কৰ টীকাকৰণ। কেনেদৰে এই ভুল হ’ল সেয়া তদন্ত কৰি চোৱা হৈছে। এই ঘটনাত কাৰোবাৰ গাফিলতি আছিল নেকি সেয়াও তদন্ত কৰা হৈছে বুলি তেওঁ জনাইছে। উপায়ুক্ত জছজিৎ কৌৰে কয়, ‘সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ’ব। যদি কোনো বিষয়াৰ গাফিলতি প্রমাণিত হয়, তেনেহ’লে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’