নিউজ ডেস্কঃ
১৯২২ চনত মিছৰত আৱিষ্কৃত হৈছিল তুতেনখামেনৰ সমাধি। এইবাৰ মিছৰৰ দক্ষিণে লাক্সৰ চহৰৰ মাটিৰ তলত সন্ধান পোৱা গ’ল ৩ হাজাৰ বছৰ পুৰণি এখন চহৰৰ। প্রত্নতত্ত্ববিদসকলৰ মতে, এই ধ্বংসস্তূপৰ পৰাই জানিব পৰা যাব পাৰে প্রাচীন মিছৰৰ জীৱন-যাত্রা কেনে আছিল। তুতেনখামেনে এসময়ত উক্ত চহৰখনত বসবাস কৰিছিল।
হেৰাই যোৱা চহৰখনৰ নাম আছিল আতেন। সম্ভৱত ৰজা তৃতীয় আমেনহোটেপে এই চহৰ প্রতিষ্ঠা কৰিছিল। তেওঁৰেই পুত্ৰ তুতেনখামেন। তেওঁ আছিল মিছৰৰ অষ্টাদশ ৰাজবংশৰ এজন ৰজা। তেওঁলোকৰ বংশই ১৩৯১ৰ পৰা ১৩৫৩ খ্রীষ্টপূর্ব পর্যন্ত মিছৰ শাসন কৰিছিল। প্রত্নতত্ত্ববিদসকলৰ দলত আছিল বেটলি ব্রায়ান। তেওঁ আমেৰিকাৰ জন হপকিন্স বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁ কয়, ‘তুতেনখামেনৰ সমাধিৰ পিছত মিছৰত আৰু এটি গুৰুত্বপূর্ণ আৱিষ্কাৰ হ’ল। মিছৰ যেতিয়া সবাতোকৈ ধনী আছিল, তেতিয়াই এই চহৰৰ পতন হয়।’
উল্লেখ্য, যোৱা ছেপ্টেম্বৰত লাক্সৰত খনন কাৰ্য আৰম্ভ হৈছিল। মূলত ৰজা তৃতীয় ৰামেছিচ আৰু তৃতীয় আমেনহোটেপৰ মন্দিৰৰ মাজত খননকার্য চলোৱা হৈছিল। প্রত্নতত্ত্ববিদসকলৰ মতে, ‘খননকার্য আৰম্ভৰ কেইসপ্তাহমানৰ ভিতৰত আচৰিত হৈ পৰিছিলো। মাটিৰ তলৰ পৰা প্রায় এখন ধ্বংসস্তূপৰ চহৰ ওলাই আহিল। দেৱালবোৰ আছিল অক্ষত। ঘৰবোৰ আছিল সেই সময়ৰ বস্তু-বাহানিৰে ভর্তি।’ মিছৰৰ প্রত্নতত্ত্ববিদ জাহি হাৱাছে কয়, ‘বিদেশীসকলে অতীতত বহুবাৰ এই চহৰখনৰ সন্ধান কৰিছে। কিন্তু পোৱা নাছিল।’