নিউজ ডেস্কঃ
সাধুকথাৰ ‘ৰেপুনজেল’ চৰিত্রৰ নাম বহুতেই হয়তো শুনিছে। দীঘল চুলি আছিল তেওঁৰ। সেই চুলিৰ মায়াতেই ‘ৰেপুনজেল’ৰ ওচৰ চাপিছিল ৰাজপুত্র। ৰাজপুত্র আহক বা নাহক, বাস্তৱত দীঘল চুলি ৰখাৰ হাবিয়াস বহুতৰেই থাকে। কিন্তু হাবিয়াস থাকিলেইতো আৰু নহ’ব। সেয়া বহু কষ্টত লালিত-পালিত কৰিবলগা হয়। ১২ বছৰ ধৰি তাকে কৰিছিল গুজৰাটৰ নীলাংক্ষী পেটেলে। মূৰৰ চুলিৰ জৰিয়তেই গিনিছ ৱর্ল্ড ৰেকর্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল তেওঁ। ২০০ চেন্টিমিটাৰৰো বেছি দীঘল চুলি আছিল নীলাংক্ষীৰ। পিছে মাত্র কেই মিনিটতে সেয়া কাটি পেলালে তেওঁ।
ছয় বছৰ বয়সৰ পৰা চুলি দীঘল কৰিছিল নীলাংক্ষীয়ে। চুলি কাটিবলৈ গৈ চেলুনত অতি বেয়া অভিজ্ঞতা হৈছিল তেওঁৰ। সেয়ে সেই বয়সতেই চুলি কটা বন্ধ কৰিছিল। গিনিছ ৱর্ল্ড ৰেকর্ডছত নাম অন্তৰ্ভুক্ত হোৱাৰ পিছৰ পৰাই গুজৰাটত বিয়পি পৰে ১৮ বছৰীয়া যুৱতীগৰাকীৰ নাম। কিশোৰী হিচাবে নীলাংক্ষী সকলোতকৈ দীঘল চুলিৰ অধিকাৰী। বহুতে তেওঁক গুজৰাটৰ ‘ৰেপুনজেল’ বুলিও মাতে।
কিন্তু তাৰ মাজতেই সেই চুলি কাটি পেলালে নীলাংক্ষীয়ে। ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে নীলাংক্ষীৰ চুলি কটাৰ ভিডিও। চুলি কটাৰ আগতে প্রিয় চুলিক চুম্বন কৰি বিদায় জনায় নীলাংক্ষীয়ে। কয়, “১২ বছৰ আগতে ঠিক তেতিয়া চুলি কাটিছিলো, সেইটো নিজৰেই মনত নাই। সেয়ে নতুন হেয়াৰ কাটক লৈ অত্যন্ত উত্তেজিত মই।”
প্রথমে শুনা গৈছিল, নিজৰ দীঘল চুলি কেন্সাৰ ৰোগীসকলৰ বাবে দান কৰিছে নীলাংক্ষীয়ে। কিন্তু পিছত ইনষ্টাগ্রামত ১৮ বছৰীয়া যুৱতীগৰাকীয়ে জনায় যে তেওঁৰ এই দীঘল চুলি সম্প্ৰতি আমেৰিকাৰ মিউজিয়ামত থাকিব। আৰু তেওঁৰ মাতৃৰ দীঘল চুলি কেন্সাৰ ৰোগীসকলৰ বাবে দান কৰা হ’ব।