ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱৰ ৰামানুজন কঃ মঃৰ নৱাগত আদৰণি সভাত ইছমাইল হুছেইন, ‘নিজৰ ঐতিহ্য, সমাজ-সংস্কৃতিৰ বিষয়ে জনা ছাত্ৰ-ছাত্ৰীহে সমাজৰ ধৰণী হ’ব পাৰে’

ASSAM TIMES POST by ASSAM TIMES POST
September 3, 2019
Reading Time: 1 min read
A A
0

[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]

RELATED POSTS

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

logo atp | ASSAM TIMES POSTASSAM TIMES POST

নগাঁওঃ নগাঁৱৰ বেচৰকাৰী খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা মঙলবাৰে অনুষ্ঠিত হয়। ইয়াৰ লগতে অনুষ্ঠিত হয় স্বৰ্গীয় ফুলাই বৰা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান। এই উপলক্ষে কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ দিলীপ বৰাৰ সভাপতিত্বত নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সাহিত্যিক, সমালোচক ইছমাইল হুছেইনে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ চমকপদ সফলতাৰ শলাগ লৈ কয় যে ছাত্ৰ-ছাত্ৰীসকল দেশৰ ধৰণী আৰু জাতিৰ সপোন।

জীৱনৰ খলা-বমা পথ অতিক্ৰম কৰি তেওঁলোকে সমাজ আৰু দেশক গঢ় দিব লাগিব। তেওঁ ছাত্ৰ-ছাত্ৰী সকলক ভৱিষ্যতে সমাজৰ শিক্ষক হ’বলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত হুছেইনে নিজৰ শিপাৰ লগত সদায় দৃঢ়ভাৱে সংলগ্ন হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাই লগতে কয় যে নিজৰ ঐতিহ্য, সমাজ-সংস্কৃতিৰ বিষয়ে জনা ছাত্ৰ-ছাত্ৰীহে সমাজৰ ধৰণী হ’ব পাৰে। কেৱল মেধা হ’লেই নহ’ব। সমাজখনক জানিব লাগিব।

ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত কাৰ্যপন্থা মানৱীয় হোৱা দৰকাৰ। সভাত আন এগৰাকী বিশিষ্ট অতিথি লোক-সংস্কৃতিৰ গৱেষক তথা শিক্ষাবিদ ডঃ অনিল শইকীয়াই বিজ্ঞানৰ উত্তৰণৰ বিভিন্ন স্তৰ সম্পৰ্কে ব্যাখ্যা দাঙি ধৰি কয় যে সৰু-সৰু চিন্তাৰে কেতিয়াবা একোটা মহৎ কাৰ্য সম্পন্ন হ’ব পাৰে। তেওঁ আৰু কয় যে আমাৰ অস্তিত্ব আমাৰ সৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে বিজ্ঞান, সাহিত্য, কলা, খেলা-ধূলা আদি সকলো দিশতে ছাত্ৰ-ছাত্ৰীসকল আগবাঢ়ি গ’লে অসমখনৰ উন্নতি হ’ব।

সভাত বক্তা হিচাপে ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে নিজৰ স্বভাৱ-সুলভ ৰসাল ভাষণৰে ছাত্ৰ-ছাত্ৰীসকলক আমোদ দি লগতে কয় যে ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় কেৱল ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়া প্ৰতিষ্ঠান নহয়। এইখন ভাল মানুহ গঢ় দিয়াৰ কৰ্মশালা। সাধনা অবিহনে সাফল্যৰ চমু বাট নাই বুলিও তেওঁ মন্তব্য কৰে। এই সভাতে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা আৰু বিভিন্ন বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰা কনিষ্ঠ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক ফুলাই বৰা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যাপক ৰাতুল কুমাৰ নাথে উদ্দেশ্য ব্যাখ্যা কৰা আৰু উপাধ্যক্ষা সংগীতা বৰুৱা বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, কবি প্ৰয়াগ শইকীয়া, লাৱণ্য বৰা, প্ৰদীপ বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সভাতে কৰুণাধাৰালৈ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ তৰফৰ পৰা ৩০ হাজাৰ টকা আগবঢ়োৱা হয়।

ইয়াৰ পূৰ্বে পুৱা ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ চৌহদত পতাকা উত্তোলন কৰে অধ্যক্ষ দিলীপ বৰাই আৰু স্মৃতি তৰ্পণ কৰে পৰিচালনা সমিতিৰ সভাপতি বিপুল বৰাই। ইয়াৰ পাছতেই ‘সৃষ্টি’ আৰু ‘সিৰলু’ নামৰ দুখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে গল্পকাৰ শিৱানন্দ কাকতি আৰু সাহিত্যিক আভা বৰাই। ইফালে বিয়লি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Share4Tweet3Send

Related Posts

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx