![]()
ছাইদুল ইছলাম
ডিফু : আজি পুৱাৰ ভাগত ডিফুত সংঘটিত হয় এক অগ্নিকাণ্ড ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা প্ৰায় ১১-৩0 মান বজাত ডিফুৰ ৰংমংৱে’ত থকা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন ইএম মঙলচিং ইংতিৰ ৰবৰৰ গুদামত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত গুদামটোত শুকুৱাই মজুত কৰি ৰখা কেইবা সহস্ৰাধিক টকাৰ ৰবৰ জ্বলি ভষ্মীভূত হয় ৷ প্ৰত্যক্ষদৰ্শী সকলে মজুত কৰি ৰখা ৰবৰ গুদামটোৰ পৰাই অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটিছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷
আনহাতে ঘটনাৰ খবৰ লাভ কৰি ডিফু অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে ৷ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাৰ বাবে জুই অধিক ঠাইলৈ বিয়পি নগ’ল ৷ ফলত আৱাসিক এলেকাটোৰ লগতে গাতে লাগি থকা পৰিষদৰ আন এগৰাকী প্ৰাক্তন ইএম বিদ্যাছিং ৰংপিৰ আৱাস গৃহও জুইৰ প্ৰকোপৰ পৰা ৰক্ষা পৰে ৷












