![]()
নিউজ ডেস্কঃ
লকডাউন ঘোষণা কৰিবলৈ বাধ্য হ’ল তেলেঙ্গানাইও। মঙ্গলবাৰে তেলেঙ্গানাৰ মুখ্যমন্ত্রী কাৰ্যালয়ে প্ৰকাশ কৰা মতে, বুধবাৰৰ পৰা আগন্তুক ১০ দিনৰ বাবে ৰাজ্যখনত লকডাউন বলৱৎ থাকিব। উল্লেখ্য, কিছুদিন পূৰ্বে কৰোনাত আক্রান্ত হৈছিল তেলেঙ্গানাৰ মুখ্যমন্ত্রী কে চন্দ্রশেখৰ ৰাও। মঙ্গলবাৰে লকডাউন ঘোষণা কৰি ৰাৱে জনাইছে, ৰাজ্যত বৃদ্ধি পাই থকা সংক্রমণক ৰুধিবলৈয়েই এই পদক্ষেপ।
বুধবাৰে পুৱা ১০ বজাৰ পৰা লকডাউন আৰম্ভ হ’ব তেলেঙ্গানাত। অৱশ্যে লকডাউন চলিলেও পুৱা ৬-১০ পর্যন্ত ৰেহাই থাকিব। এই ৪ ঘণ্টাত ৰাজ্যবাসীক সকলো ধৰণৰ জৰুৰী প্রয়োজন পূৰণ কৰা সুযোগ লাভ কৰিব বুলি জনোৱা হৈছে। সম্প্ৰতি ২২ মে’ পর্যন্ত লকডাউন থাকিব ৰাজ্যখনত।











