![]()
ছাইদুল ইছলামৰ প্ৰতিবেদন
ডিফু : ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তিজন শাৰীৰিকভাবে অক্ষম হৈ পৰিলে পৰিয়ালটোৰ অৱস্থা তথৈবচ হয় ৷ এই কথা সৰ্বজনবিদিত ৷ হয়! এনে এক কৰণ গাঁথা ঘটনা সংঘটিত হৈছে পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুৰ ৰংনিহান বস্তিত ৷ দিন হাজিৰাৰ লগতে এখন লঘু বাহনৰ চালক হিচাপে কোনোমতে পৰিয়াল পোহপাল দি আছিল ডিফুৰ ফিৰোজ আহমেদে ৷ বৃদ্ধ পিতৃ-মাতৃ, দুটি ফুল কুমলীয়া শিশুক কোনোমতে ভৰণ-পোষণ দি আহিছিল ফিৰোজ আহমেদে ৷ কিন্তু ২০১৯ চনৰ কোনোবা এটা দিনত ফিৰোজে তেওঁৰ প্ৰস্ৰাৱ নলীত প্ৰচণ্ড বিষ অনুভৱ কৰি চিকিৎসকৰ ওচৰ চাপিল ৷ চিকিৎসকৰ যাৱতীয় পৰীক্ষা-নিৰীক্ষাত ফিৰোজৰ লগতে পৰিয়ালটোৰ মাজলৈ নামি আহিল ঘোৰ অমানিশা ৷ কাৰণ চিকিৎসকৰ প্ৰতিবেদনত ফিৰোজ আহমেদৰ দুয়োটা কিডনি বিকল হোৱা বুলি উল্লেখ আছিল ৷
উক্ত বিষাদময় প্ৰতিবেদনটোৰ বাবে ফিৰোজৰ পৰিয়াল এক প্ৰকাৰ অপ্ৰস্তুত আছিল যদিও জীৱনৰ মোহত আৰম্ভ কৰিছিল যাৱতীয় চিকিৎসা ৷ ফিৰোজক লৈ যোৱা হ’ল গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়লৈ ৷ নানান পৰীক্ষা-নিৰিক্ষাৰ লগতে দীৰ্ঘদিনলৈ চলিলৈ ফিৰোজৰ ডায়লচিচ প্ৰক্ৰিয়া ৷ একো সুফল নাপালে ৷ অ’ত ত’ত জমা ৰখা ধন আৰু গৰু-ছাগলী হাঁহ -কুকুৰা আদি বিক্ৰী কৰি পোৱা প্ৰায় দুই -আঢ়ৈ লাখ টকা ব্যয় কৰিও একো সুফল পোৱা নাই ফিৰোজে ৷ চিকিৎসকে তেওঁক কিডনি সলোৱাৰ পৰামৰ্শ দিছে ৷ চাৰিওফালে এটা কিডনি বিচাৰি হাবাথুৰি খাইছে পৰিয়ালটোৱে ৷ পুত্ৰ স্নেহত পৰি ফিৰোজৰ মাতৃয়ে এটি কিডনি পুত্ৰক দান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ৷ কিন্তু কিডনি সংৰোপনৰ বাবেও প্ৰয়োজন হৈছে বৃহৎ পৰিমানৰ ধন ৷
ইফালে ফিৰেজৰ পৰিয়ালৰ হাতত চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন ৷ সেয়ে ফিৰোজৰ পৰিয়ালে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সদাশয় ৰাইজৰ ওচৰত সহায় প্ৰাৰ্থনা কৰি কাতৰ অনুৰোধ জনাইছে ৷ কোনো সদাশয় লোকে ফিৰোজক আৰ্থিক সহায় কৰিবলৈ ইচ্ছা কৰিলে নিম্ন বৰ্ণিত একাউণ্টত প্ৰেৰণ কৰিব পাৰিব বুলি জনাইছে পৰিয়ালৰ সুত্ৰই
একাউণ্টৰ বিৱৰণ : PUNJUB NATIONAL BANK,
NAME : MOHAMMAD FIRUZ AHMED
IFC : PUNB0074720
A/C NO : 0747010213370
MOB. NO : 70026194485












