![]()
নিউজ ডেস্কঃ
এক পুত্ৰৰ সৎকাৰ কৰি অহাৰ ২৪ ঘণ্টাও পাৰ নহ’ল। ঘৰলৈ ঘূৰি আহি পুনৰ লাভ কৰে দ্বিতীয় পুত্ৰৰ মৃত্যু সংবাদ। এই ঘটনাৰ সাক্ষী হৈ থাকিল উত্তৰ প্রদেশৰ গ্রেটাৰ নয়ডা।
কৰোনাৰ দ্বিতীয় ঢৌত একপ্ৰকাৰ নাজল-নাথল অৱস্থা দেশৰ। হস্পিটেল, শ্মশান, কবৰস্থান, সকলোতে মর্মান্তিক দৃশ্য। তাৰ মাজতেই গ্রেটাৰ নয়ডাত ২৪ ঘন্টাত দুই পুত্ৰক হেৰুৱালে এক বৃদ্ধ দম্পতিয়ে। প্রথম পুত্ৰক দাহ কৰি ঘৰলৈ ঘূৰি আহি তেওঁলোকে প্ৰত্যক্ষ কৰে দ্বিতীয় পুত্ৰৰ নিথৰ দেহ।
মঙ্গলবাৰে দিল্লী সংলগ্ন গ্রেটাৰ নয়ডাৰ জালালপুৰ গাঁৱত এই ঘটনাটি ঘটে। মঙ্গলবাৰে পুৱা গাঁওখনৰ বাসিন্দা আতাৰ সিঙৰ পুত্ৰ পঙ্কজৰ মৃত্যু হয়। বহু দিন ধৰি অসুস্থ আছিল পঙ্কজ। আত্মীয় আৰু ওচৰ-চুবুৰীয়া পঙ্কজৰ সৎকাৰ কৰিবলৈ যায়।
আতাৰ সিঙৰ আন এক পুত্ৰ দীপকো কেইবা দিনো ধৰি অসুস্থ হৈ আছিল। ককায়েকৰ সৎকাৰলৈ ন’গৈ ঘৰতে আছিল তেওঁ। কিন্তু পঙ্কজৰ সৎকাৰ কৰি আতাৰ আৰু ঘৰৰ বাকীসকল ঘৰলৈ উভতি আহি দেখে দীপকৰ নিথৰ দেহ পৰি আছে। মাত্র কেইঘণ্টামানৰ ব্যৱধানত দুই পুত্ৰৰ মৃত্যুত বাকৰুদ্ধ হৈ পৰে আতাৰ সিং আৰু তেওঁৰ পত্নী। শোকৰ ছাঁ বিয়পি পৰে সমগ্ৰ গাঁওখনতে।
অৱশ্যে পঙ্কজ আৰু দীপক দুয়োজনেই কেইবা দিনো ধৰি অসুস্থ হৈ থাকিলেও তেওঁলোক কৰোনাত আক্রান্ত হৈছিল নে নাই, সেয়া নিশ্চিত কোনোও নিশ্চিত কৰিব পৰা নাই। স্থানীয় লোকসকলৰ অভিযোগ, যোৱা ২৮ এপ্রিলৰ পৰা গাঁওখনত ইজনৰ পিছত সিজনকৈ ১৮ জনৰ মৃত্যু হৈছে। তেওঁলোকৰ সকলোৰে দেহত জ্বৰ আছিল। শ্বাসকষ্টতো ভুগিছিল বহুতে। কিন্তু চহৰৰ দৰে গাঁৱত নিৰ্দিষ্ট হাৰত কৰোনা পৰীক্ষা নোহোৱা বুলি দাবী কৰে গাঁওরনৰ বাসিন্দাসকলে। সেয়ে মৃতকসকল সংক্রমিত হৈছিল নে নাই সেয়া জনাৰ উপায় নাই।











