![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ছুপ্রিম কোর্টৰ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় কৰোনাত আক্রান্ত। শীর্ষ আদালতৰ এজন কৰ্মচাৰীও কৰোনাত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে ন্যায়াধীশগৰাকীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। দ্রুত সুস্থ হচ্ছেন বলে জানা গেছে। তেওঁ যিকেইখন খণ্ড বিচাৰপীঠৰ গোচৰৰ প্রতিনিধিত্ব কৰিছিল, সেইবোৰ গোচৰৰ শুনানি সম্প্ৰতি স্থগিত ৰখা হৈছে।
কোভিড সম্পৰ্কীয় এটি গোচৰৰ বাবে গঠন কৰা খণ্ড বিচাৰপীঠতো আছিল চন্দ্রচূড়। উক্ত গোচৰৰ শুনানি হোৱাৰ কথা আছিল বৃহস্পতিবাৰে। কিন্তু সেয়া পিছুৱাই দিয়া হৈছে।











