![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : “বিশিষ্ট সাহিত্যিক, সাংবাদিক আৰু কথাশিল্পী শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱৰ বিয়োগৰ লগে লগে অসমৰ আকাশৰ পৰা এটা উজ্জ্বল জ্যোতিষ্ক নোহোৱা হ’ল। অসমৰ বৌদ্ধিক জগতৰ পোহৰ নোহোৱা হ’ল। কাৰ্বি আংলং আৰু কাৰ্বিসকলৰ প্রতিও আছিল তেওঁৰ গভীৰ ভালপোৱা।”- এই মন্তব্য অসমৰ অন্যতম প্রসিদ্ধ সাহিত্যিক, পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ ৰূপকাৰ, অসম সাদিত্য সভাৰ প্রাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙৰ।
অসমৰ বৌদ্ধিক জগতৰ অন্যতম কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট লেখক, সাহিত্যিক, সাংবাদিক, চিন্তাবিদ হাোমেন বৰগোহাঞিৰ মৃত্যুৰ পিছতে নিজা প্রতিক্রিয়া প্রকাশ কৰি এইদৰে কয় বিশিষ্ট সাহিত্যিকগৰাকীয়ে। কিছুদিন পূর্বে কোৰোনাৰ পৰা মুক্ত হোৱাৰ বাতৰি লাভ কৰাৰ পিছতে আজি পুৱাৰ ভাগতে আকস্মিক তথা অনাকাংক্ষিত বাতৰিটো লাভ কৰাৰ পিছতে স্তব্ধ হৈ পৰা বুলি উল্লেখ কৰি এই মহান লেখকগৰাকীৰ মৃত্যুৰ বাতৰিৰ পিছত তেওঁৰ নিজা অনুভৱ প্রকাশ কৰিব পৰাকৈ ভাষা হেৰুৱাই পেলোৱা বুলি মন্তব্য কৰে৷
সাংবাদিকৰে হোৱা বাৰ্তালাপত বিশিষ্ট কথাশিল্পীগৰাকীয়ে প্রয়াত বৰগোহাঞিৰ সৈতে কলেজীয়া জীৱনৰ পৰা আদি কৰি ‘সাপ্তাহিক নীলাচল’ৰ পিছতে অসম সাহিত্য সভাৰ হৈ একেলগে কাম কৰাৰ সময়ৰ অভিজ্ঞতাৰ স্মৃতি সোঁৱৰণ কৰি প্রয়াত সাহিত্যিকগৰাকীয়ে জীৱনজোৰা প্রজ্ঞা আৰু সাধনাৰে অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা মহান অৱদানৰাজীক শ্ৰদ্ধাৰে স্মৰণ কৰে। জীৱনজোৰা সাধনাৰে অসমৰ সাহিত্য জগতত এক জাগৰণৰ সৃষ্টি কৰা বুলি মন্তব্য কৰি বিশ্বকোষ প্রয়াত সাহিত্যিকগৰাকীব জীৱনৰ অন্যতম কৃতিত্ব বুলি অভিহিত কৰে। কার্বি আংলঙৰ প্রতি মহান স্রষ্টাগৰাকীৰ স্নেহৰ প্রসংগ উল্লেখ কৰি কাৰ্বি আংলং তথা কাবিসকলৰ প্রতি থকা অপাৰ ভালপোৱাৰ বাবেই তেওঁ বাৰে বাৰে কাৰ্বি আংলঙলৈ আহি ভাগৰি পৰা নাছিল বুলি কয়। জিলাখনত এটা বঁটা গ্ৰহণৰ বাবে অন্তিম বাৰৰ বাবে উপস্থিত হোৱাৰ সময়তো অসমৰ বৌদ্ধিক জগতৰ মহীৰূহগৰাকীয়ে পুনৰ কাৰ্বি আংলঙলৈ অহাৰ হেঁপাহৰ কথা ব্যক্ত কৰিছিল যদিও সেই আশা পূর্ণ হোৱাৰ পূর্বেই তেওঁ আঁতৰি গ’ল বুলি সাহিত্যিক তেৰাঙে শোকেৰে ব্যক্ত কৰে।
শেহতীয়াকৈ প্রয়াত লেখকগৰাকীৰ সম্পাদনাত প্রকাশ পোৱা ‘কার্বি সাহিত্য প্রতিভাৰ চানেকী’ শীর্ষক গ্ৰন্থখন কার্বিসকলৰ জাতীয় জীবন তথা ভাষা-সাহিত্যৰ এক আপুৰুগীয়া সম্পদ বুলি অভিহিত কৰি নৱপ্ৰজন্মই এই মহানগ্রন্থখনৰ উচিত মূল্যায়ন কৰিবলৈ সক্ষম হ’ব বুলি সাহিত্যিকগৰাকীয়ে আশা প্রকাশ কৰে। উদীয়মান কার্বি লেখকসকলৰ প্রতি শ্রদ্ধাৰ লেখকগৰাকীৰ আগ্রহৰ প্ৰসংগও শ্রদ্ধা সহকাৰে উল্লেখ কৰে পদ্মশ্ৰী ৰংবং তেৰাঙে। লগতে, প্রয়াত কথাশিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।












