![]()
ছাইদুল ইছলাম
ডিফু : শেহতীয়াকৈ ডঃ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্রীসভাৰ প্ৰথমখন তালিকাত পার্বত্য জিলাকেইখনৰ এগৰাকীও নির্বাচিত বিধায়ক অন্তর্ভূক্ত নোহোৱাৰ প্রসংগক কেন্দ্ৰ কৰি জিলাকেইখনত প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে আজি অসম মন্ত্রীসভাৰ পৰৱৰ্তী সম্প্রসাৰণত পার্বত্য জিলাকেইখনৰ পৰা দুজনকৈ মন্ত্রী অন্তর্ভুক্ত কৰোৱাৰ বাবে দাবী জনোৱাৰ কথা উল্লেখ কৰিছে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।
উল্লেখযোগ্য যে, আজি ডিফুৰ আৰ্বৰেটাম কাম ক্রাফট চেন্টাৰত কাৰ্বি আংলঙৰ পৰা নির্বাচিত চাৰি বিধায়ক ক্ৰমে বোকাজানৰ ডাঃ নোমল মমিন, ডিফুৰ বিদ্যাছিং ইংলেং, হাওৰাঘাটৰ দৰছিং ৰংহাং আৰু বৈঠালাংছুৰ বিধায়ক ৰূপছিং টেৰণক দলৰ তৰফৰ পৰা উষ্ণ আদৰণি জনোৱা হয়। আদৰণি অনুষ্ঠানৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত অসম মন্ত্রীসভাত পার্বত্য এলেকাৰ এগৰাকীও বিধায়ক অন্তর্ভূক্ত নোহোৱা প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এই কথা ব্যক্ত কৰে পৰিদৰ মুখ্য কাৰ্যনিৰ্বাহগৰাকীয়ে। লগতে, এইবাৰ মন্ত্রীসভাত স্থান লাভ কৰিবলগীয়া পাহাৰীয়া জিলাৰ বিধায়কে গুৰুত্বপূর্ণ দপ্তৰ লাভ কৰিব বুলি মুখ্য কাৰ্যবাহীয়ে সংবাদ মাধ্যমক অৱগত কৰে।
আনহাতে, বিগত বিধানসভা নির্বাচনত আগবঢ়োৱা সহযোগিতাৰ বাবে সকলো ৰাইজ, দল-সংগঠন, দলীয় কর্মী আৰু সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰি আগত দিনত সকলোৱে একেলগে কাম কৰি যোৱাৰ প্রতিশ্রুতি প্রদান কৰে। জিলাখনৰ সকলোধৰণৰ সমস্যাই আলাপ আলোচানাৰ মাজেৰে সমাধানৰ পথ উলিওৱা হ’ব বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে, কোৰোনা সংকট অন্ত পৰাৰ পিছতে জিলাখনৰ উগ্রপন্থী সংগঠনসমূহৰ সৈতে শান্তিচুক্তি স্বাক্ষৰ কৰা হ’ব বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।












